সপোনৰ দৰে অমূলক আছিল বাৰ মনৰ প্ৰফুল্লতাই ভোমোৰা বিলাকৰ গুণ গুণ গানত আৰু সুশীতল সমীৰণ সম্ভাষণত আপ্যায়িত হৈ সৰোবৰৰ বিমল পানীৰ ওপৰত উলাহতে নচি-বাগি থকা পদ্মিনীৰ প্ৰফুল্লতাকো উপহাস কৰিব পাৰিছিল, সেই ললিতৰ হিয়াৰ পুতলি লীলাৰ আজি কি বিপন্ন অৱস্থা। নিশানাথৰ লগত সতিনায়েক কুমুদিনীৰ কৌতুক চকুত পৰিলে, হৰিষতে হালি-জুলি থকা পদ্মিনীৰ সুকোমল শুভ্ৰ দেহখনি মৰ দুখতে জয় পৰি যোৱাৰ দৰ, বাৰে বাৰে নানা বিপদ সমুদ্ৰত উটি-ভাহি থকা সময়ত, সখিয়েক লবঙ্গলতাহঁতৰ সুখ-সম্পদক ভাবি ভাবি নিজৰ জীৱনলৈ ধিক্কাৰ আনোতে, আজি আকৌ লীলাৰ লাবণ্য়তা জয় পৰি গ'ল। তেওঁ আজি পথৰ কাঙ্গালিনী। পেটত প্ৰবোধ দিবলৈ ওৰে দিনটো হাবা থুৰি খাব লগাত পৰিছে ! মৰমৰ সলনি ঘৃণা সুখৰ সলনি দুখ, হৰিষৰ সলনি বিষাদ, সুবেশৰ ঠাইত কুৱেশ দুগ্ধফেন নিভ শয্যাৰ ঠাইত অপৰিষ্কাৰ তৃণ শয্যা আজি তেওঁৰ ভাগ্যত দৈনন্দিন ঘটিব লাগিছে।
পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৭৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৬৫]