পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 দ্বিতীয়াৰ চন্দ্ৰক দেখি তেতেলি বেকা হোৱা অথবা বাওনা হৈ স্বৰগ ঢুকিবলৈ আশা কৰা কথা আষাৰি যেনে, দক্ষিণা দিগ্বিজয় কৰি পেটক প্ৰবোধ দিয়া আকৌ সংসাৰৰ নানা আওপাকত পৰি ত্ৰাহি ত্ৰাহি কৰি ভাগৰি পৰা আমাৰ নিচিনা দুৰ্ভগীয়াৰ পক্ষেও, এনে কামৰ ওচৰ চাপা কথাটি ঠিক তেনে।

 কিন্তু কৰিম কি?—চিন্ন চিত্তৰ প্ৰান্তৰৰ পৰা বৈ অহা দুৰাকাঙ্খাৰ প্ৰবল সোঁতক বুজনি বান্ধেৰে বাধা দিবলৈ অপাৰগ হৈ পৰাত এই কিবা খন লিখি পেলালোঁ। লৰাৰ লৰালি বুলি অভাগাক দোষৰ গধুৰ বোজাটি ডাঙ্গিব নিদি, সদাশয় সকলে যদি সুপথৰ পথিক হবলৈ ভু লগাই দিয়ে, তেন্তে তেখেতসকৰ মৰম-বেথাৰ মাজত থাকিব পাই নিজক নিজে ভাগ্যবান বুলি ভাবিম।

 অশেষ পৰিশ্ৰম স্বীকাৰ কৰি এই ক্ষুদ্ৰ কিতাপ খনি শুধৰাই দিয়া বাবে মাননীয় শ্ৰীযুক্ত নৰেশ্বৰ