পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৬০]

অপাৰ আনন্দৰ মাত্ৰা সিমান সৰহ। এবছৰ ধৰি নেদেখা মোমায়েকৰ ঘৰ দেখিব, ভায়েক ভণীয়েক- তৰে সৈতে ৰং ধেমালি কৰিব, পেট টনটনীয়াকৈ লাড় পিঠা জেলেপী খাব পাব এইবোৰ আলচিয়েই তেওঁৰ মনটো বৰ উলহ-মালহ। আজি তেওঁৰ হিয়া বনিনৰ মাজেদি যিখনি আনন্দ নৈ বব লাগিছে, খৰালি খেদে যদি সেই নদীৰ বিমল ধাৰক বিষাদ সূৰুযৰ হতুৱাই আহুকালত নেপে- লালে হেতেন; তেন্তে বিষাদ, কাক বোল তেওঁ তাৰ ভূকে নেপালেহেতেন।

 বচন এলেহুৱা বিধৰ ছোৱালী নহয়। থুনুক থানাককৈ খোজ দিব পৰা হোৱাৰ পৰাই তেওঁৰ স্বভাব চৰিত্ৰ কেনে হব, তাক ভাল দৰে বুজা গৈছিল। কাৰণ যি মূলা, বাঢ়িব তাৰ চিন দুপ তীয়াতেই ধৰিব পাৰি। সৰু-সুৰা লাচনি-পাচনি কৰিব পাৰা হোৱাৰ পৰাই, যেয়ে তেওঁক যি লামলাকটু আনিবলৈ আদেশ কৰে, তেওঁ ততা- লিকে তাক আনি, হাজিৰ কৰি দিয়ে। বচনে