পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এহাল হালোৱা গৰু আৰু হাল জুলিবোৰ সংগ্ৰহ কৰি খেতিবাতি কৰিব ধৰিলে। পৰিশ্ৰমী মানুহ লক্ষীৰ বৰ পুত্ৰ। অপৰিশ্ৰমৰ ফলত এবছৰৰ ভিতৰতেই তেওঁৰ গাৰ কাণি ভুখৰি আৰু পেট ভাত মুঠি মিলা হ'ল। অষ্টম পৰিচ্ছেদ। সেই জীৱনৰ অমাবস্যাৰ সময়ত, দয়াল হৰিয়ে লীলাৰ হিয়াত খুন্দা মাৰি দিলে নেকি—আহিবৰ সময়ত শাৰীৰ আচলত যে এখনি পহুদেবীয়া সৰু চোকা কটাৰী বান্ধি আনিছিল, এই কথা খিনি জীৱৰৰ সেই সন্ধিক্ষণত তেওঁৰ মনত পৰিল। এই শেষ চেষ্টাৰ সময়ত তেওঁ ততালিকে আচলৰ পৰা কটাৰী খনি উলিয়াই মৰো জীও সে। আধিকে কটাৰী খনিৰে লতা-পতাৰে কাটিব ধৰিলে।