পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৫৬] আকৌ ঘৰৰ পিনে উভটিবৰ ইচ্ছা নাই; অপো- নাত আশ্ৰয় মাগিছো,নিৰাশ্ৰয়ক আশ্ৰয় দিয়ক।” দয়ালু ভট্টাচাৰ্যই তেওঁৰ দুখত দুখী হৈ মাহিলী ৬ টকাকৈ দৰমহা দি তেওঁৰ ঘৰতে ৰাখিলে।। | পাঠক! লাহিৰাম আন কেও নহয়, আপোনা- সকলৰ সুপৰিচিত লীলাৰ জীৱন সৰ্বস সেই লাবণ্যহে। আকৌ তেওঁৰ প্ৰাণসম বন্ধু যি জনৰ কথা কলে, তেওঁ আমাৰ লীলাত বাজে আন কেও নহয়। কেৱল ভট্টাচাৰ্যক তেওঁৰ সঠিক বিবৰণ দিবলৈ লাজ কৰি মূল ঘটনাটিতে ৰহণ সানি আংশিক সচা কথা কৈছিল। কমলেশ্বৰৰ লগত লীলাৰ পৰিণয়ৰ প্ৰস্তাৱ ঘানা ঘুমুককৈ কাণৰ পৰাৰে পৰা উভয়ে কিমান কথা পাঙিলে, কত বুধি সাজিলে, তাৰ অলপমান পাঠক সকলৰ কাণত পৰিছেই। কিন্তু কোনোটি হলে ঠিৰা নহল। অৱশেষত পিতৃভিঠা পৰিত্যাগ কৰাকে সাৰ- গত কৰি কৃষ্ণা চতুৰ্দশীৰ দিনাখন ৰাতি দোভাগ