পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৫৫]

তেওঁৰ সাক্ষাৎ এই হতভাগাৰ পক্ষে নিশাৰ সপো- নৰ দৰে অসাৰ হ’ল। গোটেই ৰাতিটো ধৰি, কত ঘুৰিলোঁ, কিমান দৌৰিলোঁ, কিন্তু পৰিণামত তেওঁৰ সাক্ষাৎ পোৱা আশাটি বাওনাৰ স্বৰগ ঢুকি পোৱা আশাতকৈ গধূৰ হ’ল। মোৰ অবিহনে তেওঁৰ কি অৱস্থা, তাক পৰম পুৰুষেহে জানে। তেওঁৰ বৰ্ত্তমানত মোৰ এনে দুৰৱস্থা নঘটিলহেতেন। এনেতে হঠাৎ যুবকৰ চকুলো সৰ সৰ্ কৈ বব ধৰিলে। তাৰ পিছত আকৌ কব ধৰিলে, ‘আমো নেপালোঁ, ফৰমুটিও ৰলোঁ।” এনে অৱস্থাত মই কলৈ যাওঁ, কি কৰোঁ, ক’ত তেওঁক লগ পাওঁ ইত্যাদি ভাবি চিন্তি বিবুধিত পৰিলোঁ। ইপিনে ঘৰলৈ উভটিব লাগিলেও লাজৰ কথা। গতিকে আগৰ মানসিক লক্ষ্যটিকে ঠিৰাং কৰি নগাওঁত ওলালোগৈ।

 কিন্তু কৈ, “ঘৰে পৰি জঞ্জাল, বাহিৰত মোৰ দুখ, কবিৰাই কয় মোৰ কতো নাই সুখ ” তাতো নানা কাৰণে তিষ্ঠিব নোৱাৰি দুনাই উভটি আহি আজি দুবছৰৰ মুৰত এইখিনি পালোহি। মোৰ