পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫১] নিচিনা তেওঁৰ দেহৰ লাবন্যতাক সমূলি নষ্ট কৰিলে। তেওঁৰ তেজোময় শৰীৰ নিস্তেজ হ’ল। কৰ্মকুশল শৰীৰ অবশ হ’ল। মুঠতে কবলৈ গলে, এই শঙ্কট সাগৰ পাৰ হোৱা কথাটি তেওঁৰ পক্ষে একেবাৰে অসম্ভৱ হৈ উঠিল। সপ্তম পৰিচ্ছেদ। বিষ্ণুপুৰ নামবড়ভাগ মৌজাৰ উত্তৰ পূব চুকত শকা এখনি মজলীয়া তৰহৰ গাওঁ। অধিবাসী ৭৮ ঘৰৰ কম নহব। কওঁতে শুনিছে, লৰা ৰজাৰ দিনত মানৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ নানা গাওঁৰ নানা জাতৰ মানুহ গৈ তাত আশ্ৰয় লৈছিল। সেই গাওঁৰ মহেন্দ্ৰ ভট্টাচাৰ্য্য এজন লেখৰ মানুহ। গাওঁৰ সকলোতকৈ লিখা-পঢ়াত আগবঢ়া, মেলত ন্যায় পৰায়ণ, কত নিপুন আৰু