পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[২৯]


ৰঙা ফুল থকা ৰিহা মেখেলা যোৰ পিন্ধি গাওঁলৈ ওলাল আৰু গাওঁৰ মান্যবন্ত লোক সকলক সেৱা-সম্মান কৰি অঁতাই মাক পিতাকক বিহুৰ যোগ্য সেৱা-শুশ্ৰুষা কৰিলেহি। পিছত লগৰীয়া সখিসকলৰ গোসাই ঘৰত সোমাই নাম গালে। নামৰ অন্ত পৰিলত সকলোৱে ঘৰা-ঘৰি গুছি গল। আমাৰ লীলাবতীও বৰ ঘৰত সোমাই সোঁ হাতৰ কাৰবাৰ খিনি সমাধা কৰিলে।

 এনে উৎসব-আনন্দতে ৰঙালী বিহুৱে মেলানি মাগিলে।