পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[২৮]


 তাৰ পাছত ৰহ্ ৰহীয়া আম ডালিৰ গুৰিলৈকে গৈ কেটামান অকণ অকণ আম, কেডোখৰমান হালধি,গোটাচেৰেক সৰু বেঙেনা আৰু এটি তহলীয়া লাউ আনি তুলসীৰ গুৰিত থৈ দিলে।

 আগতে কোৱা হৈছে, যে ললিতৰ বেটা-পো বুলিবৰ কেও নাই, তেওঁৰ আপোন বুলিবৰ কেৱল লীলা। গতিকে মথা হালধি বটাৰে পৰা লাউ বেঙেনাৰ মালা দুধাৰি গাথালৈকে সকলো খিনি কাম লীলাৰ ভাগতে পৰিল। লীলা কোনো কামতে পছহুহকা বিধৰ ছোৱালী নাছিল। গতিকে সকলোখিনি কাম পৰি-পাটাকৈ সমাপন কৰাত লীলাৰ সৰহ সময় নেলাগিল।

 ইপিনে মাক উঠিল আৰু লীলাৰ নিপুণতাক বাৰম্বাৰ সলাগিব ধৰিলে।

 লাহে লাহে দুপৰ হৈ আহিল। আমাৰ লীলা-বতীৰো আনন্দৰ ভৰ দুপৰীয়া হল। একে লীলা আনন্দত উতলা তাতে আজি আকৌ ৰঙালী বিহু,লীলাক আৰু পায় কোনে? তেওঁ যথা নিয়মে গা ধুই আহি লাউ ফুল হেন বগা, পাৰিত সুন্দৰ