পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬

 তেওঁ কিয়—গাওঁৰ আটাইয়ে ছোৱালীজনীৰ মউসনা মাতত উল্লাসিত। মুঠকথা—লীলা সকলোৰে মৰম বেথাৰ লাটিম।

 পাঠক! যি জনী যুবতীয়ে সিদিনা গধূলী লক্ষ্যেশ্বৰৰ ফুলনি জিলিকাইছিল, আকৌ যাক লাবণ্যই লীলা বুলি সম্বোধিছিল, সেই গৰাকী ছোৱালীয়ে আমাৰ ললিতৰ জীয়েক লীলা।

 এওঁৰ পুৰা নাম লীলাবতী। কিন্তু, বেথাতেই হওক, নাইবা মাতিবৰ সুচলতেই হওক সকলোৱে এওঁক লীলা বুলি মাতে। লীলা চালুকীয়াৰে পৰা লাবণ্যৰ প্ৰতি বৰ হালুক। লাবণ্যৰ বোকোচাত উঠিয়ে লীলা ডাঙ্গৰ হ’ল। সৰুকালত তেওঁলোকে “বৰ কইনা” খেলা খেলি অপাৰ আনন্দ লভিছিল। কেতিয়াবা কেতিয়াবা লাবণ্যই কিতাপ পঢ়িব ধৰিলে লীলাই “মইও পঢ়োঁ পঢ়োঁ বুলি” ওচৰত বহিছিল গৈ। লাবণ্যই ও মুখে মুখে তেওঁক ক, খ, শিকাইছিল।” পণ্ডিত সকলে কয়,-

“উশনা বেদ যচ্ছাস্ত্ৰং যচ্ছ বেদ বৃহস্পতিঃ।
স্বভাবেনৈব তচ্ছাস্ত্ৰং স্ত্ৰীবুদ্ধৌ সুপ্ৰতিষ্ঠিতম্॥”