পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[২৫]


 কিন্তু হায়, কিবা এটি দুখত ললিতৰ মনটো বৰ মৰা। গাওঁৰ মানুহ বিলাকো তেওঁৰ এই দুখত দুখী। পাৰিলে কিজানি এই দুখ গুছালেইহেঁতেন। কিন্তু ই মাহৰ কাম নহয়। ই ভগবানৰ ইচ্ছা,পূৰ্ব্ব জনমৰ কৰ্ম্মফল।

 আচল কথা, ললিতৰ বেটা পো বুলিবৰ কেও নাই। কেৱল একেজনী ছোৱালী। লৰা সন্তান পোৱাৰ আশাৰে কত পূজা-পাটল কৰিলে, কত ব্ৰাহ্মণক ভোজান কৰালে, কিমান ভকতক সেৱা দিলে, কিন্তু একোৰে সুফল নফলিল। ললিত! কৰিবা কি? তোমাৰ আমাৰ ইচ্ছা নহয়। সৰ্ব্ব-শক্তি মান পৰমাপিতা ইচ্ছাময়ৰ ইচ্ছা।

 যি হওক, চন্দ্ৰদেৱৰ আগমনত যেনেকৈ অৰূকাৰ তেনেই লয় পায়; সংসাৰৰ নানা দুখৰ আওবাটেদি আহি, ললিতে যেতিয়া তেওঁৰ ছোৱালীজনীৰ প্ৰসন্ন বদন দেখা পায়হি, তেওঁৰ সকলো দুখ-ভাগৰ আতৰে। মনৰ বেজাৰ বিৰকতি সকলো লয় পায়। লগতে হৃদয় সিংহাসন বিমল অবিমিশ্ৰ সুখে অধিকাৰ কৰেহি।