পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[২৩]

 লাবণ্যই এতিয়া সকলো কথা বুজা হৈছে। খুড়াকৰ ব্যৱহাৰৰ পৰিবৰ্ত্তন হোৱা দেখি তেওঁৰ মনত দুখ লাগিব ধৰিলে। পিতৃ অবিহনে পৃথিবীৰ মহাভাব আকৌ মাতৃ অবিহনে ভোজনৰ ছাৰ খাৰ কথাটি এতিয়াহে তেওঁৰ গাত যোন অনাই পুৰওৱা যেন পৰে। দুখ বেজাৰো লাগিবৰ কথা। যি খুড়াক খুড়ীয়েকৰ মৰম বেথাৰ মাজত থাকিব পাই,মাক বাপেকৰ মৰণ দুখকো সমূলি পাহৰি গৈছিল,সেই খুড়াক খুড়ীয়েক এতিয়া তেওঁৰ প্ৰতি নিমৰমীয়াল আৰু আওকণীয়া।

 কি ঘোৰ পৰিবৰ্ত্তন। যি এদিন চেনেহ পুখুৰীত সাতুৰি-নাদুৰি জীৱনৰ সোণৰ সময় খিনি অতিবাহিত কৰিলে, সি আচম্বিতে অনাদৰৰ গধুৰ বোজা বুকুত বান্ধি কাল কটাবলগীয়া হলে যে দুখবেজাৰৰ গহন বনত চাতকৰ দৰে ইনাব-বিনাব লাগে, তাক এসময়ত সুখ সাগৰৰ পাৰত খেলা কৰা মানুহে হঠাৎ কাইটময় খালত পৰি উৱাদিহ নোপোৱা হলেহে সতকাই বুজি পাব।