পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ২০ ]

 ইপিনে কোনেওবা আজি বিহুৰ দিনা হালধিৰে গাধুব আৰু চামনি এখামোছ খাব পাব বুলি ভাবি নিজে আনন্দ উপভোগ কৰাৰ লগতে আনৰ আগত প্ৰকাশ কৰি আনন্দক মহা আনন্দত পৰিণত কৰিছে। কোনেওবা এজনে কৈ থাকোতেই নিজৰ বিহু সম্ব- ন্ধীয় খাদ্যাবলীৰ কথা মনতে আলচি সিজনৰ আন- ন্দক নমাই থৈ নিজৰ লগা-ভগা আনন্দক হৃদয় আসনত বহুৱালে।

 লাহে লাহে ৰ'দ চাঁদি উঠিল। লগে লগে নতুন বছৰৰ নবজাগৰণৰ ৰোলও কাণত বাজিব ধৰিলে। সকলোৱে মথা হালধিৰে টোপোলা চুৰি- য়াত বান্ধি নিজৰ নিজৰ গৰুবোৰ আগকৰি ৰং মনেৰে বাজ হল।

 পাঠক! আমি সিদিনাখন ফুলনিৰ মাজত দেখা পোৱা যুবকেও মনৰ দুখ বেজাৰক কাতি কৰি থৈ নব জাগৰৰণত যোগ দিলেছি। তেওঁ মনৰ উৎসাহেৰে ৰিঙ্গিয়াই ৰিঙ্গিয়াই গাব ধৰিলে,

 নতুন উছাহে নব জাগৰণে,
  ভ্ৰমিছা মৰতত আজি,