পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তৃতীয় পৰিচ্ছেদ।

—০:×:০—

 আজি বহাগ বিহু। ৰাতি পুৱাইছে মাথোন। সকলোৰে মনত অপাৰ আনন্দ। বিষাদ কালিমাৰ কলা ঢাকনি কাৰৰ হৃদয়ত পৰা নাই। চাৰিও ফালে জয় জয় ময় ময়। বৰ্ষদেৱৰ নব আগমনৰ ফালে সকলোৱে প্ৰতীক্ষা কৰি আছে! লৰা- ছোৱালী, বুঢ়া-বুঢ়ী, ডেকা-ডেকেৰী সকলোৰে মন এই উৎসৱত যোগ দিবলৈ উলহ-মালহ।

  দুদিন হ’ল, এগৰাকী সুবিজ্ঞ দৈবজ্ঞই ঘৰে ঘৰে বহি বৰ্ষফল ব্যকত কৰি গৈছে। কাৰো গৰ্ভত শনি সোমাইছে, কাকো বা কেতুৱে পাইছে। এজনৰ তাকে ভাগ্য ভোটাটি বিষাদ ডাৱৰত ডুব যাব। এইবোৰ শুনিব পাই কাৰো কাৰো মনত অলপ ভয়ৰ সঞ্চাৰ হৈছে আৰু সেই ভয়ৰ পৰা অব্যাহতি পোৱাৰ আশাৰে কোনো কোনোৱে গ্ৰহ ৰাজৰ পূজা-পাটল আদি কৰিবলৈ দৃঢ় সঙ্কল্প কৰিছে।