পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[১৭]

কুৰি বাই দুখে বেজাৰে ঘৰ ললে। বনৰ বনুৱাবোৰে য'ৰে কাম-বন ত’তে পেলাই দিহা-দিহি গুছি গ'ল। ভগবান সূৰ্য্যদেৱে দিনমানৰ কৰ্তব্য সমাপন কৰি জিৰণি লবৰ মনৰে অস্তাচলৰ নিজান গুহাত অশয় ললে। অইন কি চৰাই চিৰকতিবোৰেও ৱালীৰ ভাবত উতলা হৈ উৰি উৰি বাহ ললে। চোৱাচোন, বিশ্ব জুৰি থকা পোহৰক পৰাজয় কৰি অন্ধকাৰে কেনে একছত্ৰী ৰজা হৈ বহিবৰ যো- কৰিছে।

 এনেস্থলত তোমাৰ ঘৰলৈ মনত নপৰেনে? বোধহয়, সুগন্ধি ফুলৰ মনমোহা গোন্ধে তোমাক ইয়ত ভুলাই ৰাখিছে। থাকা, থাকা বাৰু। তামাৰ লাবণ্যময় দেহখনি ইয়াত যিমান শোভা পাইছে আন ঠাইত কেতিয়াও তেনে শোভা নেপায়। সুৱগাৰ সংযোগতহে সোণ বেছিকৈ জিলিকে। আকৌ ফুল গছৰপৰা চিঙি নিয়া মানে ক্ষন্তেকীয়া, সুখক আকৌ ক্ষন্তেকীয়া কৰি তোলা মাত্ৰ। এতেকে তোমাক বাধা দি তোমাৰ আনন্দত বিঘিনি জন্মাব নোখোজোঁ”।