পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৪]


খনিৰ পৰা অব্যাহতি পোৱাৰ আশাৰে অস্তাচলৰ পিনে খুকিয়াই চাব ধৰিছে। গমনৰ সময়ৰ প্ৰাণময় কিৰণে বৰ'বাম আলোকিত কৰিছে। আমাৰ লক্ষ্যেশ্বৰৰ ফুলনিৰ মনমোহা গোন্ধেও বতাহৰ বুকুত সোমাই ভগৱান আদিত্য দেৱৰ বিদায় সময়ৰ অভ্যৰ্থণা কৰিবলৈ একান্তমনে আগ বাঢ়িছে।

  এনেতে এটি যুবতী, ফুলনিৰ আমোদত বলীয়া ভ্ৰমৰীৰ দৰে গুণ্ গুণ্ কে গীত গাই ফুলনিৰ ভিতৰ সোমাই গ'ল। তেওঁৰ আগমনত ফুলনিৰ এটি নতুন জেউতি চৰিল।

  সৌ পুখুৰীত ৰাজহাঁহ জুৰিয়ে পানীৰ ওপৰত পৰস্পৰে খেলা খেলি যিমান আনন্দ লভিছে, এওঁও ফুলনিৰ মাজত ফুল সমূহৰ সখিত্বক লাভ কৰি,মনত সিমানেই আনন্দ পালে। তেওঁ সৰু সৰু লতা গোলাপবোৰ গোলাপী গালত লগুৱাই দিলত, ৰাঙ্গলী গাল আৰু গোলাপৰ প্ৰভেদ বুজিব নোৱৰা হ'ল। এখন্তেকৰ পিছত তেওঁ উলাহতে খোপাত এটি গোলাপ আৰু দুকাণত দুটি হৰগৌৰী ফুল পিন্ধি ললে আৰু থাল পদুম এটি মুখ মণ্ডলত বুলাব ধৰিলে।