অকণ অকণ লৰা-ছোৱালীৰ ৰা তিনিমূৰীয়া বুঢ়া-
বুঢ়ীলৈকে সকলোৰে মনত তেওঁ গুণৰ মালিক।
তেওঁৰ হাত-ভৰি মোটা, গা আটিল আৰু
সুগঠিত। যদিও তেওঁক অলপ ছুটি যেন দেখা
যায়, তথাপি তেওঁ এজন নিয়মৰ মানুহ। বয়সে
পঞ্চাশক দেও দি গৈছে, তথাপি তেওঁৰ গাত বুঢ়া
বয়সৰ অলপো চিন-চাব ফুটি ওলোৱা নাই।
ৰাজৰ টটি চেৰালেই, তেওঁৰ পদূলিৰ সন্মুখত
এখনি ফুলনি পোৱা যায়। কওঁতে শুনিছো, ফুলনিখনি পাতিবৰ হেনো ২০২৫ বছৰ হৈছে। তাৰ
ফুল গছবোৰৰ কিছুমান যদিও বহুদিনীয়া, কিছুমান
আকৌ নতুনকৈ ৰোৱা যেন দেখা যায়। ফুলনিখনি
চহৰৰ ফুলনিৰ দৰে জকমকীয়া আৰু পৰিপাটীকে
সজোৱা নহলেও, গাৱঁলীয় ফুলনিবোৰৰ ভিতৰত
ভালেই বুলিব লাগে। সুগন্ধি ফুলও নাই বুলিব
নোৱাৰি। তৰুৱা কদম আৰু কৰবিল জুপিৰ ছাঁ
ফুলনিৰ কাণত থকা পুখুৰীটিৰ পানীত কৰে।
পুখুৰীটি ফুলনিৰ উত্তৰ ফালে—না সৰু না ডাঙ্গৰ।
পুখুৰীটিলৈ যাবলৈ ফুলনিৰ ঠিক মাজেদি এটি নিচেই
পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/২০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ১২ ]