পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৮)

পাটীত বহুৱাই দিলত লাচিতে লাবণ্যৰ গাত হাত বুলাই সন্তৰামক কবলৈ ধৰিলে, “ভাই! পিতৃ হৈ, পিতৃৰ কাম সাধিবৰ সময় নেপালোঁ। লাবণ্যক, মোৰ প্ৰাণৰ পুতুলক, তোমাৰ হাতত অৰ্পণ কৰিলোঁ। মই কেৱল জন্মৰ হেতু, পালনৰ বাবে তুমিহে ইয়াৰ প্ৰকৃত পিতা।”

  ইয়াৰ পিছতেই পত্নীৰ পিনে চকুপেলাই কব ধৰিলে, “ভাবিছিলোঁ-তোমাৰ যৌবন নাওখনি সংসাৰ নদীৰ প্ৰবল তৰহৰ ওপৰেদি পাৰ কৰি বলৈ অভাগাই যথেষ্ট সময় পাব। কিন্তু উপায় কি? সকলে। ভগবানৰ ইচ্ছ। লাবণ্যকে বুকুত বান্ধি ভগবানক ভাবি থাকবা। ঈশৰে তোমাৰ কল্যান কৰিব। উঃ ৰাম, আৰু নোৱাৰিছোঁ- ভ-গ-বা-ন।” ইয়াকে কৈ আৰু একো কব নোৱাৰিলে। অলপ পৰ নিমাতে থাকিয়ে কামুৰি কাঢ়িলে।

  ৰমণী—“মোৰ কল্যাণ! বিধাতা! মোৰ। কল্যাণ কৰিলি! হৰি! হৰি!!” এই বুলি হিয়া- মুৰ ভুকুৱাই অচেতন হৈ মাটিত পৰি ৰ'ল।