এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৭]
এখন্তেকৰ পিছতেই লাচিতে তেওঁৰ শোৱা পাটাৰ ওচৰতে আমন্-জিমনকৈ বহি থকা তেওঁৰ কনিষ্ঠ সহোদৰ সন্তৰামৰ মুখৰ পিনে বিবৰ্ণ চকু- জুৰি পেলাই ক্ষীণ স্বৰেৰে মাত লগালে, “ভাই! এটোপা পানী—!” সন্তৰামে ততালিকে পানী অলপমান খুৱাই দিলত, তেওঁৰ শুকান টানি নিয়া জিভাখনি অলপ তিতিল। তেতিয়া তেওঁ এটি হেপাহৰ চাহনিৰে ভায়েক আৰু ঘৈণীয়েকৰ মুখৰ পিনে একেথৰে চাই ৰ'ল, হঠাৎ তেওঁৰ দুচকুৰ পৰা দুধাৰি চকুলো বাজ হ’ল আৰু তেওঁ কবলৈ ধৰিলে—"ভাই! অভাগাৰ জীৱনৰ আশা- ভৰষা আজি অন্ত হ’ল। হৃদয়ৰ অনন্ত তৃষ্ণা আজি কেনিবা উৰি গ'ল। লাবণ্য! মোৰ প্ৰাণৰ লাবণ্য ক'ত?”
সন্তৰাম—“খাটত শুই আছে।"
লাচিত-“আনা, মাতি আনা। জীৱনৰ শেষ মুহূত্তত সেই হিয়াৰ মানিকক এবাৰ হেপাহ পলুৱাই চাই লওঁ।”
সন্তৰামে লাবণ্যক কোলাতকৈ আনি শোৱ-