পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩]


তাৰ সেই উদ্যম নাই, তেনে হৰিষও নাই, আছে কেৱল নানা আপদ বিপদৰ মাজেদি গৈও নিজ কত্তব্য বাটৰ বাটৰুৱা হোৱা নামটিহে।
 দুপৰীয়া গৰুম'হবোৰে পানী পানী কৰি চট-ফটাই ফুৰিব লগাত পৰিছে। কিছুমান গৰুম’হে প্ৰখৰ ৰ’দৰ কোবত তত্ নেপাই দুখ ভাগৰতে গছৰ তলত আশ্ৰয় লৈছে। কেতবোৰ গৰুম’হে আকৌ দৌৰাদৌৰী কৰি কোনোমতে ঘুৰি ঘুৰি এটোপ ঘোলা পানী বিচাৰি উলিয়াইছে আৰু অতি হাবিয়াহেৰে সৈতে হুপি খাই তীব্ৰ তৃষ্ণাৰ শান্তি কৰিছে।
 বাটৰ বাটৰুৱাবোৰে টিকা ফটা ৰ’দৰ কোবত তত্ হেৰাই আলিৰ দাতিৰেই গছৰ তলত বহি

পৰিল আৰু নানা হা-হুমুনিয়াহ কাঢ়ি হাত মূখৰ ঘাম মচিব ধৰিলে। কোনেও বা অলপ জিৰাই শতাই লৈ লগত যি যা-জলপান আছিল, সেইবোৰেৰে ভোকৰ কলমলনিৰ কোব অলপ দমালে। কোনো কোনোৱে আকৌ বহুদূৰ বাট থকা বাবে দুখ ভাগৰক কাতি কৰি থৈ মৰোঁ-জীওঁ হৈ খোজ