পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২]

যাৰ সহনশীল বুকুত নানা সম্প্ৰদায়ৰ মানুহ সমবেত হৈ নিজ নিজ অভিপ্ৰায়বোৰ সাধি আহিছিল, সেই শান্তি মন্দিৰ বিল খালবোৰো আজি কালৰ কুটিলা গতিত পৰি শুকান আৰু মৃতপ্ৰায় অৱস্থা প্ৰাপ্ত হৈছে। আকৌ তাত সৰু বৰ অলেখ পাতালভেদী ফাট মেলি সিবিলাকৰ বুকু কেই খনি চিৰলা-চিৰলি কৰি তুলিছে।

 বিল খালবোৰৰ কিয়, সৰু সৰু নদী-নলাবোৰৰ গাৰ ফালেও টান। এতিয়া আৰু সিবিলাকৰ সেই দিগন্ত প্ৰবাহ ধাৰৰ ক’ব নাই। নেমু-টেঙাৰ ৰস যেন নিৰ্ম্মল ফট্ফটীয়া পানীবোৰো ঘটনাচক্ৰত জীৱৰ অনিষ্টকৰ কিবা এতৰহৰ পানীত পৰিণত হৈছে। যাৰ বুকু সদায় সুশীতল আছিল, যি চকুত চমকলগা ৰূপালী সাজেৰে সজ্জিতা আছিল, সেই নদী আজি অত তৰঙা আৰু তপত বালি-ধূলিবোৰৰ সাজোন সাজি অতি মলিনা আৰু মনমৰা— তাৰ আগৰ উজ্জ্বলতা নাই। যি উদ্যমেৰে নিজৰ জন্মদাতা সাগৰৰ চৰণ দুখনি নতুন নতুন প্ৰবাহেৰে সহাৰষে ধুৱাইছিল, এতিয়া