পৃষ্ঠা:লাহৰী.pdf/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩৭
লাহৰী

চিন্তা কৰিলে কোনোবাই দায় নিব নে? —লাহৰীয়ে কিন্তু আনে হঁহালৈ চকু নিদিয়ে, ইতিকিং কৰালৈ কাণ নিদিয়ে আৰু দায় ধৰালৈ কটাহি নকৰে। লাহৰীয়ে কেৱল নিজে অধৈৰ্য্য আৰু বাউলী হৈ তেওঁৰ প্ৰাণৰ প্ৰাণ মৰমৰ কমলৰ কোমল প্ৰাণত ব্যথাৰ উপৰি ব্যথা দিবলৈ এনে বেজাৰতকৈয়ে বেজাৰ পায়। সেই কাৰণে হে আজি লাহৰীয়ে এনে বিপদতো ইমান ফেৰাকে স্থিৰেৰে আছে। সেই দেখি হে লাহৰীয়ে আজিও তেওঁৰ এনে মৰ্ম্মান্তিক বেদনাৰ কথা কাকো নোকাৱাকৈ তাৰ তাপত নিজৰ কোমল কলিজা উতলাই টুল্‌টুলীয়া কৰিছে ।

 এই দৰেই আৰু চাৰি দিনমান পাৰ হৈ গল। বিয়া একেবাৰে ওচৰ চাপিলহি; টেকেলি দিয়াৰ দিনালৈকে মাজতে দুদিন মাথোন আছে। ইমানলৈকে কমলে লাহৰীৰ প্ৰবোধ মানি নিটাল মাৰি আছিল। ইমানলৈকে কলে নিজৰ মৰ্ম্মান্তিক বেদনাৰ কথা লাহৰীলৈ লিখি তেওঁক বেজাৰ নিদিওঁ বুলি আছিল । কিন্তু, আজি আৰু তাৰ সীমা পাৰ হল। আজি আৰু তেওঁ অন্তৰৰ শেষ কথা নিলিখি নোৱাৰাত পৰিল। সেই কাৰণে, কমলে আজি অগত্যা বেজাৰৰ কাপ হাতত ললে:-


“লাহৰি !

 ইমান দিনে তোমাৰ মোহিনী লিখনীৰ মায়াত পৰি বিভোল হৈ, তোমাৰ চেনেহী কথাত মোহ গৈ, তোমাৰ অমৃতময় প্ৰবোধ বাক্যৰ ওপৰতে সকলো কখা নিৰ্ভৰ কৰি, মই নিটাল মাৰি আছিলোঁ । মোৰ দৃঢ়-বিশ্বাস যে, তুমি তোমাৰ আন্তৰিক বেদনা জানিবলৈ দি, মোক বেজাৰ দিবলৈ কেতিয়াও ভাল নোপোৱাঁ । ময়ো, আজিলৈকে তোমাৰ দৰেই অন্তৰৰ প্ৰকৃত বেজাৰৰ ভাব লুকাই, অলপ ভুৱা দি আছিলোঁ। কিন্তু, এতিয়া আৰু সঁচা কথা কোৱাৰ সময় পৰিলহি। এতিয়া আৰু আগৰ দৰে তুমি বেজাৰ পোৱা বুলি গুপুত ভাৱ,