এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লাহৰী।


১। আধ্যা।
—●⸺●—
পামপুৰ।

—<>○<>—

 অসমত “মানৰ দিন” এটা বৰ আপদীয়া যুগান্ত। অসমীয়াৰ মানত আজিকালি তাৰ বিবৃতি সাধুকথাৰ নিচিনা হে হৈছে। সেই আপদৰ কথা নজনা বা নুশুনা মানুহ এতিয়া নাই বুলিলেও বঢ়াই কোৱা নহয়। আজিও সেই দুৰ্দ্দান্ত মান-জাতিৰ আসুৰিক অত্যাচাৰৰ কথা শুনিলে চকু-লো টুকিব লগীয়া হয়। আগৰদিনীয়া বুঢ়া মানুহৰ মুখে সেই অত্যাচাৰত হোৱা অসমীয়া মানুহৰ দুখ-দুৰ্গতিৰ কথা শুনিলে, আজিও ল'ৰা-ছোৱালী ভয়ত অস্থিৰ হয়। সেই সময়ত সদৌ মানুহৰ ওপৰত এটা দৈবিক অভিশাপ পৰিছিল বুলিব পাৰি। কিয়নো, সেই বিপদ যে অকল অসমত হে ঘটিছিল এনে নহয়, আন-আন দেশ-প্ৰদেশতো একে সময়তে একে প্ৰকাৰৰ উৎপাতে তোলপাৰ লগাইছিল।

৭৭