পৃষ্ঠা:লাহৰী.pdf/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০৫
লাহৰী

তেওঁ বিয়া নকৰায়। কত ঠাইত বিচাৰিলে, তথাপি তেওঁ মনোমত ছোৱালী নাপালে। সদৌশেহত, নিৰাশ হৈ তেওঁ বিয়াকে নকৰাওঁ বুলি অঙ্গীকাৰ কৰিলে। সেই প্ৰতিজ্ঞাতে ধৰি প্ৰায় দুমাহমান বিয়াৰ কাৰবাৰ নকৰাকৈ তেওঁ বহি আছিল। এনে সময়তে এদিন কীৰ্কিনাথ গোহাঞিৰ ঘৰৰ ওচৰৰে এজন পামপুৰীয়া মানুহ তেওঁৰ আলহী হয়গৈ। আলহী মানুহ সোধা- পোছাত ৰত্নেশ্বৰ নামজলা লোক আছিল। এই আলহী জনকো ভালকৈ আলপৈচান ধৰোৱাত তেওঁ যথাৱত যত্ন কৰিছিল। তাতে সন্তুষ্ট হৈ, ভাত-পানী খাই উঠি আলহীয়ে ৰত্নেশ্বৰৰে সৈতে সুখৰ কথা-বাৰ্ত্তা পাতিবলৈ ধৰিলে। কথা-প্ৰসঙ্গত আলহী জনে সুধিলে, “বোপা-দেউতাই, কিনো ৰূপে-সৈতে, মানুহ অনা নাই হবলা?” ৰত্নেশ্বৰে হাঁহি মাৰি উত্তৰ দিলে, “এৰা, মই আৰু বিয়া নকৰাৱেঁই বুলিছোঁ, দেও।”

 পামপুৰীয়া।—সি কি কথা! কিনো ৰূপে-সৈতে, আপোনাৰ নো কিহে নাটিছে। আপোনাৰ এনে সম্পত্তি নো, কিনো-ৰূপে-সৈতে, কোনে খায়? আপোনাৰ, কিনো ৰূপে-সৈতে, মাক নাই, দেউতাক নাই, কিনোৰূপে-সৈতে, ঘৰখন সোনকালে পতা হে ভাল।”

 ৰত্নেশ্বৰ।—“আলহী ভকত! সেইবোৰ কথা কলে আৰু কি হয়? বিয়া কৰাবৰ মনেৰেই আজি বছেৰেকে ইমান কাৰবাৰ কৰিলে, তথাপি হৈ নুঠিল। এতিয়া আৰু বিয়াকে নকৰাওঁ বুলি অঙ্গীকাৰ কৰিলোঁ।”

 পামপুৰীয়া।—“বোপা-দেউতাই, কিনো-ৰূপে-সৈতে, কয় কি! আপুনি কাৰবাৰ কৰিলে নো, কিনে-ৰূপে-সৈতে, কোনে ছোৱালী নিদিব? আপোনাৰ নো, কিনো-ৰূপে-সৈতে, ধনেই নাই নে বস্তুৱেই নাই নে, কিনো -ৰূপে-সৈতে, কি নাই? আৰু, আপোনাৰ নো, কিনো-ৰূপে-সৈতে, ৰূপেই নাই নে গুণেই নাই! নহয়, বোপো-দেউতা, আপনি কিনো-ৰূপে-সৈতে, ঘৰখন পাতিব হে লাগে।”