পৃষ্ঠা:লাহৰী.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯৯
লাহৰী


মূৰ দাঙ্গি চাব খোজোঁতেই চাৰিওফালৰপৰা ফুলবোৰে গছে সৈতে হলাই আনি গাৰ ফালে হেন্দোলিয়াব দেখিলেই লাহৰীক শোকে খুন্দা মাৰি ধৰেহি, চকুৰ পানীয়ে ছাতি ধৰি একোকে নেদেখা কৰে। পাঠক! লাহৰীৰ চাটিফুটি আৰু বিষাদৰ কাৰণ কিবা বুজ পাইছে নে?—আজি লাহৰীৰ এনে কোমল প্ৰাণত বিৰহ-বতাহৰ আঘাত লাগিছে। আজি লাহৰীৰ বহুত দিনৰ আশাৰ বন্তি সেই বতাহত টিমিক্-ঢামাক্‌কৈ নুমাবলৈ ধৰিছে। সেই কাৰণে হে লাহৰীয়ে বিৰহৰ বিষম জঞ্জালত তৰণি নাপাই এনে চাটিফুটি কৰিছে। সেই দেখি হে লাহৰীয়ে জীৱন-বন্তি নুমোৱাৰ আশঙ্কাত বিমোৰ হৈছে।

 পাঠক! লাহৰীৰ পোন্ধৰ বছৰ পাৰ হৈ যাওঁতেই আগৰ দৰে আৰু বাহিৰত ওলাই ফুৰিবলৈ আইতাকে তেওঁক ভিতৰি হাক দিলে। তেতিয়াৰেপৰা পুখুৰীপাৰৰ ফুলনিত ফুৰিবলৈ গাৱঁৰ লৰা ছোৱালীবিলাকো আহিবলৈ এৰিলে। গতিকে, লাহৰীৰ মৰমৰ কমলো নহাত পৰিল। কিন্তু, সেই বাবে লাহৰীৰ একো বেজাৰ-অসন্তোষৰ কথা নাছিল। কিয়নো, লাহৰীয়ে জানিছিল যে, আইতাকে লাহৰীৰ বয়স চাই হে বাহিৰলৈ ওলাব দিয়া নাই । তাৰ পাছতো ভালেমান দিনলৈকে লাহৰীৰ একো বেজাৰ নাছিল। কিয়নো,লাহৰীয়ে যি উদ্দেশে বাহিৰলৈ ওলাব লগাত পৰে, সেই উদ্দেশ্য ঘৰৰ ভিতৰত থাকিলেও সিদ্ধি হয়। কমলে সৰুৰেপৰা কীৰ্ত্তিনাথ গোহাঞিৰ ভিতৰলৈকে যায়, ভিতৰতে থাকেগৈ। লাহৰীৰ আইতাকেও কমলক এনে মৰম কৰিছিল যে, পাচলৈ কমলে জলপান খাবলৈ লাজ কৰক অন্ত, ভোক লাগিলেই নিজৰ মাকক খোজাদি খুজি খাবলৈ ধৰিলে। কমলেও লাহৰীৰ আইতাকক “আইতা” বুলিয়েই মাতিছিল; আৰু লাহৰীৰে সৈতে কমলে আইতাকৰ ওচৰত সততে ধেমালি কৰি থাকে। গতিকে, তেতিয়া লাহৰীৰ একো অভাৱ নাছিল। আজি দিনচাৰেকৰপৰা মাখোন দেউতাকৰ আজ্ঞামতে লাহৰীৰ আইতাকে কমলক ভিতৰ সোমাবলৈ হাক দিছে। তেওঁ লাহৰীকো কৈ দিছে,