পৃষ্ঠা:লাহৰী.pdf/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮৯
লাহৰী ।

কাঢ়ি কবলৈ ধৰিলে, “লাহৰি! এই সাঁতৰ মই আমাৰ আগৰ ঘৰতে শিকা; ইয়াকে নজনা হলে, মই সেই বৰনৈত নাও বুৰি তললৈ যোৱাৰ পৰা আকৌ ওলাব নোৱাৰিলোহেঁতেন। আৰু লাহৰি। এই সাঁতৰ নজনাহলে, কালি তোমাক পুখুৰীৰ মাজৰপৰা পদুম ফুল-কলি আনি দি, আজি মোৰ সকলো দুখ পাহৰিব পৰা অতুল সুখৰ গৰাকী হব নোৱাৰিলোঁহেঁতেন।” এই কথা কৈয়ে কমল আকৌ হাঁহিমুৱা হল। তাৰ পাচত, লাহে লাহে কমলে হৈ-যোৱা ঘটনাৰ গুৰিৰেপৰা কবলৈ লাগিলে, লাহৰীয়ে কমলৰ মুখলৈ চাই একান্ত মনেৰে শুনিবলৈ লাগিলে। প্ৰথমে কমলৰ দেউতাক, আইতাক আৰু তেওঁৰ লৰাকালৰ কথা কৈ যাওঁতে লাহৰীয়ে আনন্দ মিচিকি মিচিকি হাঁহি আছিল। তাৰ পাচত, বুঢ়াগোহাঞি ডাঙৰীয়াৰ অত্যাচাৰৰেপৰা কমল পামপুৰলৈ অহালৈকে, এই ডোখৰ বৰ্ণাওঁতে লাহৰীয়ে চকু-লো টুকি তত্ নাপাইছিল। বিবৃতি ওৰ পৰিলত, লাহৰীয়ে কমলৰ হাতখনি নিজৰ দুই হাতৰ মাজত সুমাই লৈ মোহাৰি মোহাৰি কবলৈ ধৰিলে, “কমল! এতিয়াৰপৰা আৰু তুমি সেইবোৰ কথা মনত পেলাই বেজাৰ নকৰিবাঁ দেই; মোৰে শপত, কমল, বেজাৰ নকৰিবাঁ দেই। কমল! তোমাক বেজাৰ কৰা দেখিলে মোৰো দেখোন বেজাৰ লাগে! কমল! মোৰ কথাত পতিয়ন যোৱাঁ, যদি, মই সঁচা কথা কৈছোঁ।”

  কমল।—“লাহৰি! তোমাৰ কথাত পতিয়ন যোৱাৰ কথা কৈছা নে? তোমাৰ কথা নপতিয়াবলৈ মই ন কৈ শিকিলে হে হব! মোৰ কথাও যদি পতিওঁৱা, লাহৰি! মই সঁচাকৈয়ে কৈছোঁ, তোমাৰে সৈতে প্ৰথম কথা-পাতিবৰ দিনৰেপৰা মই সকলো বেজাৰ পাহৰিলোঁ।” কমলৰ সেই কথাত উৰুলীকৃত হৈ দুয়ো হাঁহিবলৈ ধৰিলে। তাৰ পাচত, তাৰপৰা উঠি দুয়ো ফুলনিৰ মাজে মাজে ফুৰিবলৈ ধৰিলে। অহঃ, লাহৰী-কমল বৰ দৃঢ়ৰূপে বান্ধ খালে। কমল-গছ পাই লাহৰী-লতাই একাঙ্গুল ফাঁক