এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩। পাতনি।

 ২য়, তাঙৰণৰ “লাহৰী” সমুদায় বিক্ৰি হোৱাত, আকৌ পাবলৈ নাইকিয়া হল। এইবাৰ ভালেমান দিন গ্ৰাহকক পুথি যোগাব নোৱাৰি দুখিত হৈ, বহু প্ৰবন্ধেৰে এই তৃতীয় তাঙৰণ উলিৱা হৈছে। এইবাৰৰ সংস্কাৰত পুথিৰ কলেৱৰ ভালেমান চবি উঠাত, ইয়াৰ বেচো ১৲ এটকালৈ চৰিল। ইতি—

তেজপুৰ, অসম।
১৫ জেঠ, ১৮৪৬ শক।
ৰচোঁতা—গ্ৰন্থকাৰ।
 
৪। পাতনি।

 ৩য়, তাঙৰণত “লাহৰী” ক্ৰমে মেট্ৰিকুলেচন আৰু আই, এ, মহলাৰ্থীৰ পাঠ্য নিৰ্দ্ধাৰিত হোৱা হেতুকে, ইয়াৰ কাটন বহুল হোৱাত, এই পুথি সোনকালে ঢুকাল। কিন্তু আমাৰ আন-আন গ্ৰন্থাদিৰ নতুন নতুন তাঙৰণ উলিৱাত আমি ব্যস্ত থকাৰ কাৰণে, এই চতুৰ্থ তাঙৰণ ছপা কৰাৱাত ভালেমান দিন পলম হল। সেইবাবে আমি ৰাইজৰ ওচৰত ক্ৰটী মাৰ্জনা মাগিছোঁ। চতুৰ্থ তাঙৰণত আগৰ দোষাদোষ পাৰ্যমানে পৰিশোধন কৰাৰ উপৰি ভিতৰ- ভাগতো ভালেমান ভাল ভাল সমল ভৰাবলগীয়া হোৱাত, পুথিৰ কলেৱৰ আকৌ বাঢ়ি উঠিল; গতিকে, “লাহৰী”ৰ মুল্যও ১।৹ পাঁচসিকিলৈ চৰিল। ইতি—

“পদ্মকুটীৰ”, তেজপুৰ, অসম।
১৫ বহাগ, ১৮৬৫ শক।
ৰচোঁতা—গ্ৰন্থকাৰ।