পৃষ্ঠা:লাহৰী.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬৫
লাহৰী।

সিবিলাকক সেই সম্ভেদ্ নোপোৱাতে এৰি, কমল কলৈ গল তাৰ সম্ভেদ্ লোৱা যাওক। সেই দিনা বৰনৈৰ ঢৌৱে নাও যেতিয়াই থিয় কৰি পেলালে, নাৱৰ মানুহ আটাইবিলাক গিৰ্‌গিৰ্‌কৰে পানীলৈ সৰি পৰিল৷ কমল পৰি যাওঁতেই নৈৰ তলি পাইছিলগৈ; আৰু কেইমিনিটমানৰ পাছত উপঙি উঠি তেওঁ পোনেই ভোগৰাম লগুৱাক হাতত পালে৷ ভোগৰামক পায়েই কক্‌বক্‌কৈ কমলে তাৰ গাত ধৰিলেগৈ। সিও কমলক পাই নিজৰ জীৱনৰ বিপদলৈ কটাহি নকৰি,এহাতে কমলক দাঙ্গি ধৰি ইহাতেৰে সাতুৰিবলৈ ধৰিলে। কিন্তু, বৰনৈৰ সোঁতত সি সেইদৰে কিমানপৰ সাতুৰিব!তাতে পচোৱা বতাহত পানীয়ে থৌকিবাথৌকৈ লগাইছে। পিছে, তিনি নলমান পানী এই দৰে সাঁতৰি যাওঁতেই এটা বৰ ঢৌৱে দুইটাকে এজোপা উটি অহা গছৰ গাত পেলালেনি। গছৰ ওচৰ পাই কমলে থাপ্ মাৰি ডাল এটাত ধৰি তাতে ৰল। কিন্তু, ভোগৰামে ধৰিবলৈ নৌ পাওঁতেই ঢৌৱে তাক জাঁজৰিৰ তলত সুমুৱালেনি। সেই মুহূৰ্ত্তৰপৰা ভোগৰাম কলৈ গল, তাৰ কি হল, কমলে একো কব নোৱাৰে। গছজোপা শুকান আছিল; গতিকে পানীৰ ওপৰেদি ভালখিনিমান ওলাই গৈছিল। কমলে লাহেকৈ আন এটা ডালত ভৰি দি, গছতে ওলমি কিছুমান দূৰ গৈ পেৰেঙ্গনি লগা ডাঙৰ ডাল এটাত ভালকৈ বহি ললেগৈ। তাৰ পাচত, গছ উটি গৈ আছে, কমলো সাগৰৰ বৰফেনৰ ওপৰত টিপচী এটিৰ দৰে গছৰ ডালত বহি উটি গৈয়ে আছে! চাওঁতে চাওঁতে অমাবস্যাৰ আন্ধাৰ ৰাতিয়ে গৰাহ মাৰি ধৰি কমলক আমাৰ চকুৰে নেদেখা কৰিলে। ইফালে বৰনৈৰ পানীৰ ধুম্‌ধুমনিত ৰক্ষা নাই! কমলে অকলে অকলে গছৰ ডালত বহি আন্ধাৰ নিশাৰ বুকুত সোমাই বৰনৈৰ মাজে মাজে কলৈ গৈছেগৈ! হাঁয়, কমলে যে মাকৰ বুকুৰপৰা কলৈকো ওলাৰ নোখোজে; সন্ধ্যা লাগিলেই কমলৰ মাকে যে কমলক দুৱাৰদলিৰ বাজ হব নিদিয়ে। আজি হে কমলৰ