পৃষ্ঠা:লাহৰী.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬২
লাহৰী।

হে তেওঁ বুজি উঠিলে। পিচে, তেতিয়াই তেওঁ তাৰে তাঁত তাতে এৰি, পুখুৰীৰ পাৰৰপৰা লাহৰীক কোলাতকৈ আনি বুকুত সুমাই লৈ মৰম কৰিবলৈ ধৰিলে৷ তেতিয়া হে লাহৰীৰ বৰকৈ বেজাৰ লাগিল;আৰু ফেঁকুৰি ফেঁকুৰি কান্দি, লাহৰীয়ে মাকৰ মুখলৈ চাই এই বুলি কবলৈ ধৰিলে, "আইতা,আজিৰপৰা মই তাঁতৰ ওচৰলৈ নাযাওঁ দেই”। মাকেও, বেজাৰে-আনন্দে খুন্দা মাৰি ধৰাত, কি কব কি নকব একো ঠিক কৰিব নোৱাৰি কান্দি পেলালে। সেই সময়ত লাহৰীৰ আইতাকৰ অন্তৰত নো কি ভাব খেলাইছিল আৰু তেওঁ নো কি কথা কব খুজিছিল, সি অনুভৱত বুজিবলগীয়া কথা। পিচে, মাকে তেতিয়াই আহিনী আৰু কেতেকী বুঢ়ীক মাতি আনি লাহৰীয়ে ববলৈ বুলি চাৰিখনমান গামোছা লগাবলৈ দিহা দি, লাহৰীৰে সৈতে তেওঁ আকৌ তাঁতৰ পাটত বহিলগৈ।

 লাহৰীৰ অকল ঘৰুৱা কামলৈক যে ইমান ধাউতি হৈছিল এনে নহয়; লিখা-পঢ়াতো তেওঁ বৰ মন দিছিল। দেউতাকৰ ওচৰত থাকিলে,লাহৰীয়ে সৰহ ভাগ লিখা-পঢ়াৰ হে কথা পাতে। সেই ছবছৰীয়াটিতে লাহৰী অলপ অচৰপ পুথি পঢ়িব পৰা হৈছিল। গধুলি হলে লাহৰীয়ে সদায় দেউতাকৰ লগত ঘোষা পুথিৰ ৰাগ জোৰে৷ দেউতাকৰ মানত লাহৰী এপাহী অতি যতনৰ আৰু আদৰৰ ফুল;গাৱঁৰ বিষয়াসকল আৰু আন-আন চুবুৰীয়া মানুহ সকলৰ মানতো লাহৰী এপাহী “লাহৰী ফুল”। দেউতাকক দেখা কৰিবলৈ যেতিয়াই যেয়ে আহিল লাগে, পোনেই পদূলি-মূৰৰেপৰা লাহৰী আইদেউক চিয়ঁৰি আহে। বাস্তৱতে,লাহৰী সঁচাসঁচি ফুল নহলেও,ফুলৰ ধাইমাক আছিল। পুখুৰী-পাৰৰ ফুলনিৰ ফুলে লাহৰী বাৰীত সোমালেহে ভালকৈ ফুলি উঠে। অহঃ, লাহৰীয়ে যেতিয়া আবেলিবেলিকা অকলশৰে ফুলনিত সোমাই ইপাহী-সিপাহীকৈ ফুলৰ গোন্ধ লৈ ফুলনিৰ মাজে মাজে ফুৰে, তেতিয়া যে ফুলনিৰ কেনে বিতোপন শোভা ধৰে! একে ঠৰে চাই