পৃষ্ঠা:লাহৰী.pdf/১২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬৬
লাহৰী


একো ঠিকনা দিয়া নাই। মানুহৰ মুখে শুনিছোঁ, বোলে সেই পাষণ্ড ইয়াতে কাৰোবাৰ ঘৰত আছে। মই আৰু কি কম, মই এতিয়া বৰ দুখেৰে পূৰ্ব্বৰ প্ৰস্তাৱত অমান্তি হলোঁ। সেই কাৰণে, মই আৰু ইয়াত এৰাতিও নাথাকোঁ; আজিয়েই ঘৰলৈ উলটিম।” জয়ন্তীৰ আইতাক অবাক্ হৈ সেই পোনেই ঢাল খাই পৰিল ! পূৰ্ণই ততালিকে দাঙ্গি ধৰি গাৰ ধূলি-মাটি গুচাই দি অলপ তেওঁক শাঁত কৰিবলৈ চেষ্টা কৰিলে। সিফালে, বুলনীৰপৰা জুমি আৰু শুনি থকা জয়ন্তী বজ্ৰাহত হোৱাৰ দৰে মুছকঁছ গৈ পৰিল। ঘৰৰ লিগিৰীহঁতে পানী-দুনি দিয়াত অলপ সংজ্ঞা পাই আৰ্ত্তৰাৱ কাঢ়ি, “আই, মাজতে মোক এই দৰে কোনে খালেঔ?” বুলি হিয়া-ভূকু মাৰি জয়ন্তী আকৌ মূছকঁছ গৈ পৰিল। পুৰ্ণ গোহাঞিদেৱ বৰ খং আৰু বেজাৰত আহিছিল বুলিও, তেওঁ বৰ কোমল অন্তৰৰ মানুহ; জয়ন্তী আৰু আইতাকৰ মনোদুখ বুজিব পাৰি তেওঁ নিজে অলপ ৰংমুৱা হৈ বহিল। তেওঁ মনে মনে ইয়াকো ভাবিলে যে, জয়ন্তীয়ে আৰ্ত্তৰাৱত কোৱা কথা ফাঁকিৰ কিবা অৰ্থ থাকিব পায়; এতেকে ইবিলাকক শান্ত কৰাৰ লগে লগে সেই কথাৰো অলপ সম্ভেদ্ লবলৈ চেষ্টা কৰা যাওক। এই ভাবি তেওঁ মনে মনে গুণিবলৈ ধৰিলে।

 জয়ন্তীৰ আইতাক সেই যে নিমাত হৈ বাগৰি পৰিল, তেওঁ সেই দৰে নিমাতী হৈয়ে ৰল। ভিতৰৰপৰা আহি লিগিৰীহঁতে ধৰাধৰিকৈ নি বিছনাত শোৱাই তেওঁক শুশ্ৰূষা কৰিবলৈ ধৰিলে। জয়ন্তীৰ ফালেও পৰ-পালি দিয়াৰ তুল্যই হব লাগিছিল; কিন্তু আসন্ন বিপদত ধৈৰ্য্য ধৰি উপস্থিত বুদ্ধি নখটালে মুহূৰ্ত্তৰ ভুল-বুজনিয়ে সাংঘাতিক বিপদ ঘটাব পাৰে; সেই কাৰণে, তেনে সময়ত মানুহ অলৌকিক বলেৰে বলী হয়। জয়ন্তীয়েও আজি সেই বলেৰেই ধৈৰ্য্য ধৰি, পূৰ্ণ গোহাঞিদেৱৰ ভুল সংশোধনৰ উপায় চিন্তিবলৈ ধৰিলে। গোহাঞিদেৱলৈ যে তেওঁ গুপুতে চিঠি চলাই