পৃষ্ঠা:লাহৰী.pdf/১২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮ ৷ আধ্যা ৷
জয়ন্তীৰ বিয়া ৷

 ৰত্নেশ্বৰ সেই দিনা খঙ্গৰ বেগত জয়ন্তীহঁতৰ ঘৰৰপৰা ওলাই আহিল; আধা মাইলমান সেই একেটা কোবেৰেই ফোঁ-ফোঁকৈ তেওঁ ঘৰমুৱা হৈ আঁতৰ হল। সেই ছোৱা বাট ৰত্নেশ্বৰক এটা অৰ্থশূন্য খঙ্গে ওফৰাই লৈ গল। তাৰ পাচৰপৰা দেখোন পিচ ফালৰ পৰা ৰত্নেশ্বৰৰ চুলিত ধৰি কিবা এটি আকৰ্ষণী ভাবে লাহে লাহে টানিবলৈ ধৰিলে। লাহে লাহে ৰত্নেশ্বৰৰ ঘৰ্-চিৰিকায়া থোজে ৰাজহংসীয়া গতি ধৰিলে। পিচত যোৱা ভাৰীটোৱে কানত মেট্‌মৰা ভাৰখন লৈ কন্যা-খোজ ধৰিব লগাত পৰিল। তাৰ পাচত আকৌ ৰত্নেশ্বৰ দুপৰীয়া, গুন্দা হাতীৰ দৰে, যাওঁ নাযাওঁকৈ অগা- পিচা খোজ ধৰা হল; একো-একোবাৰ আলহী হৈ থকা ঠাইত কিবা এটা এৰি অহাৰ ভাৱে পিচলৈ উভতি সুঁৱৰি চাই ৰত্নেশ্বৰ মাজবাটতে টলকা মাৰি ৰয়। লাহে লাহে ৰত্নেশ্বৰৰ এই ৰোগ প্ৰৱল হৈ উঠিল; এনল বাট যাওঁতেই তিনি-চাৰি বাৰকৈ ৰোগৰ বিকাৰ উঠা হল। শেহান্তত, লগুৱাটোৱে কানৰ ভাৰ সহিব নোৱাৰি পিচৰপৰা মাত লগালে, “দৌতাই নো এইখন কি আওপকীয়া খোজ ধৰিছেঐ! সঁচা কৈছোঁ, এনে ধেমালি মোৰ কানে নসহে, মই ভাৰ ইয়াতে পেলাম হে এতিয়া!” ৰত্নেশ্বৰে অলপ হুঁচ্ পাই সমিধান দিলে, “অ, হয়, তোৰ ফালে টান পৰিছে; তই তেন্তে আগ হ, ব’ল, মই পিচে পিচে গৈ থাকোঁ।” সেই অনুমতি ৰত্নেশ্বৰৰ মুখৰপৰা আধা হে বাজ হবলৈ পালে, লগুৱাই ততালিকে আগ হৈ দুখুজীয়া গতিৰে আগুৱাৰলৈ ধৰিলে। ৰত্নেশ্বৰেও আকৌ এখনমান তামোল খাবৰ পৰলৈ লগুৱাৰ পিচে পিচে খৰ খোজেৰে যাবলৈ ধৰিলে। কিন্তু,