পৃষ্ঠা:লাহৰী.pdf/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫৮
লাহৰী


আনি সিহঁতৰ লগৰীয়াবিলাকৰ ওচৰলৈ লৈ আহিলে। আৰু, পামপুৰীয়াৰ মুখে ৰত্নেশ্বৰ পলোৱাৰ কথা শুনা মাত্ৰকে লঘোনীয়া মানহঁতৰ খং মূৰত উঠিলগৈ। তিনদিনীয়া লঘোনত আবৰীহঁত একেবাৰে খাওঁ খাওঁ মূৰ্ত্তি হৈ আছিল; পামপুৰীয়াৰ মুখৰ কথা শুনা মাত্ৰকে সোধ-পোছ নাই, সিহঁতে কপি দা উলিয়াই তাক টুকুৰা-টুকুৰকৈ কাটি পেলালে। সদৌশেহত, মানহঁতে দুখ, ভাগৰ আৰু বেজাৰকে বঁটা স্বৰূপে লৈ ঘৰলৈ উলটি ভাগৰুৱা খোজ ধৰিলে।

 এই ছেগতে আমিও লাহেকৈ লাহৰীৰ নতুন চিনাকী বুঢ়া-বুঢ়ীৰ ঘৰলৈ ওলটোঁ। এই বুঢ়া-বুঢ়ী দুটি সতি-সন্তানশূন্য, একেবাৰে নিচুৰীয়া;সংসাৰৰ বিষময় ফল ভোগ কৰি, উজনি নগৰৰপৰা ভাগি আহি, আজি ভালেমান বছৰ এওঁবিলাক এই ঠাইতে বসতি কৰি আছেহি। সন্তান বুলিবলৈ একেটি মাথোন পুত্ৰ আছিল; তাকো যি বিধাতাই দিছিল, সেই বিধাতায়ে অকালতে হৰি নিলে। এতিয়া আৰু ঘৰৰ বন-বাৰি কৰা গোটাচাৰেক লগুৱাত বাজে বুঢ়া-বুঢ়ীৰ কোনো নাই। লাহৰীকে যেন তোলনীয়া সন্তান কৰি সিবিলাকে বুকু জুৰাবলৈ পাব, দুইৰো অন্তৰত স্বভাৱতে এনে এটি কৰুণ ভাবে থিত্ ললে। কিন্তু অন্তৰৰ গুপুত ভাব গুপুতেই আছে; তাক ফুটাই কবলৈ সিবিলাকে এতিয়াও ছেগ পোৱা নাই। ইচ্ছাময়ৰ ইচ্ছাত যেন বুঢ়া-বুঢ়ীৰ সৰল কামনা পূৰ্ণ হওক। লাহৰীৰপৰাই যেন সিবিলাকৰ শুকান হিয়াত অপত্য স্নেহ পুনৰ সঞ্চাৰ হওক। সেই দিনা ঘৰৰ কথা সোধোঁতে লাহৰীয়ে পামপুৰত বুলি কলে হয়, কিন্তু বিশেষ কথা ভাঙ্গি নকলে। লাহৰীৰ আতুৰ অৱস্থা দেখি সিবিলাকেও কোনো কথা পিটিকি নুসুধিলে। আলহী ভাৱেই লাহৰী কুৰি দিনমান থকাৰ পাচত, বুঢ়ীয়ে তেওঁক এদিন সুধিলে, “আই, তই নো মোৰ বুকু জুৰাই ইয়াত কিমান দিনলৈ থাকিবি?” সেই কথাৰ উত্তৰত লাহৰীয়ে কলে যে, যেতিয়ালৈকে