পৃষ্ঠা:লাহৰী.pdf/১১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫৪
লাহৰী।

ফালে বাৰচাৰেক মন কৰি চাই আপোনা-আপুনি কবলৈ ধৰিলে, "এঃ, সৰু ছোৱালী, এনে ৰাতি নো কলৈ যাব ঐ! এতিয়াতো তাইৰ বৰ ভৰ টোপনি; ময়ো অলপ কাতি হৈ চাই থাকুং দে।” এই বুলি অলপ পৰ চাই থাকি, সেইফালেই বুঢ়া টোপনি গল। গতিকে, তাৰ পাচৰ পহৰীয়াক তুলি দিওঁতাও নোহোৱা হল। লাহৰীয়ে পৰি থকাৰেপৰা কাণশাৰ দি ঘনে ঘনে গম লবলৈ ধৰিলে। তাৰ পাচত, এখনমান তামোল খোৱাৰ পৰলৈকে লাহৰীয়ে নিটাল মাৰি শোৱাৰ ভাও ধৰিয়েই আছে, এনেতে বুঢ়াটিৰ নাকে ঘঁট-ঘঁটকৈ ভৰ-টোপনিৰ তাল ধৰি শুনালে। লাহৰী এইবাৰ লাহেকৈ উঠি বহিল। ভয় আৰু উলাহত লাহৰীৰ গা ঘামিবলৈ ধৰিলে। তেওঁ ইফালে-সিফালে কাণ পাতি শুনিলে, চাৰিওফালে একে তালতে ডাৱৰীয়া ভেঁকুলীয়ে টোৰ্‌-টোৰোৱাৰ দৰে ঘঁৰত-ঘৰত শব্দ তুলি মানহঁতে শুই নিৰ্পালি দিয়া বুজাইছে। বহি থাকিবৰ আৰু সময় নাই; লাহৰীয়ে এইবাৰ মৰণত শৰণ দি থিয় দিলে। তাৰ পাচত, তেওঁ এখুজি-দুখুজিকৈ আহি ওচৰৰ হাবি এজোপা পাৰ হলহি। লাহৰী আচল বাটে আৰু নগল; তেওঁ আওহতীয়াকৈ হাবিয়ে হাবিয়ে বৰনৈৰ উজনিৰ মুখে লৰালৰিকৈ উজাবলৈ ধৰিলে। এই দৰে দুখনমান তামোল খাবৰ পৰ গৈয়ে তেওঁ এখন পথাৰ ওলালগৈ। তাৰ পাচত আৰু লাহৰীয়ে উজাবলৈকো কাৰবাৰ নকৰিলে; সেই পথাৰখনৰ দক্ষিণমুৱাকৈ তেওঁ প্ৰাণকাতৰে লৰিবলৈ ধৰিলে; ⸺পথাৰখন পাৰ নোহোৱালৈকে লৰিলে। আৰু কিমান লৰিব, নিধাতু হৈ ভাগৰত লুটি খাই পৰি সেই ফালেই লাহৰী মূছকঁছ গল। পৰিল বুলিও, জিৰাবলৈ সময় নাই; পিচ মুহূৰ্ত্ততে তেওঁ আকৌ উঠিল। আকৌ এখন হাবি। লাহৰীয়ে নো কলৈ লৰিছে তাৰ উৱাদিহ, পোৱা নাই; তেওঁ কেৱল মানহঁতৰপৰা আঁতৰ হবলৈ হে চাইছে। লাহৰী আকৌ হাবি সোমাল। হাবিৰ ভিতৰত তেওঁ যিমান বেগাই যাব পাৰে, গৈছে। এই দৰে কোবাকুবিকৈ সেই হাবিৰ ভিতৰে ভিতৰে