পৃষ্ঠা:লাহৰী.pdf/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৭। আধ্যা।
⸺⸺•⸺⸺
বুঢ়া-বুঢ়ীৰ বুকত লাহৰী।

 সেই দিনা লাহৰীয়েও কমলক আৰু এবাৰ সাৱটি ধৰিবলৈ কতবাৰ নো বাউলী হৈ হলি হলি পৰিছিল, তথাপি তেওঁ মনৰ সেই হাবিয়াস পূৰাবলৈ পাষণ্ডহঁতৰ হাতৰপৰা এৰাব নোৱাৰিলে। নিৰুপায় হৈ, লাহৰীয়ে মানহঁতৰ ভৰিত পৰি পৰি আৰু এবাৰ মাথোন ক্ষন্তেকমান এৰি দিবলৈ কাবৌ কৰিবলৈ ধৰিলে। কিন্তু পাষহঁতৰ অন্তৰত তো দয়া-মমতাৰ থানিকা নাই। ততালিকে সিহঁতৰ দুটা মানে লাহৰীক দুই বাউসিত ধৰি উৰুৱাই নিয়া দি আঁতৰাই লৈ গল! সেই মুহূৰ্তৰেপৰা বৰনৈৰ দাঁতি নোপোৱালৈকে লাহৰীৰ গাত সংজ্ঞা নাছিল; পাষণ্ডহঁতে সেইছোৱা বাট লাহৰীক শৱ এটা নিয়াৰ দৰে দাঙ্গি লৈ গৈছিল। ওচৰে ওচৰে গা-লুকুৱাই পামপুৰীয়াও গৈ আছিল। মানহঁতে লাহৰীক ধৰোঁতেই বেলি ভাটী দিছিল। এতিয়া সন্ধিয়া হব লগা হলহি। তাৰ পাচত, বৰনৈ পাৰ হওঁ-হওঁ কৰোঁতেই গাৰ-নোম নেদেখা গধুলি হল। এনে অসময়ত মানহঁতে পাৰ হওঁ-নহওঁ কৰিছিল, কিন্তু পামপুৰীয়াই সিহঁতক বুজাই দিলে যে, ইপাৰে থকাৰ পৰা কাৰ্যত বিঘিনি লগাৰ আশঙ্কা। সেই কাৰণে, সিহঁতো সেই কথাতে মান্তি হল। কিন্তু মানহঁতে অলপ উজাই আন এটা ঘাটে হে পাৰ হৈছিল; আৰু নাও কেৱল এখন হে আছিল। নাওখনত টানিমানি সাতোটা কি আঁঠোটা হে মানুহ ধৰে। গতিকে, প্ৰথম খেপত মুঠেই এটা মানে পামপুৰীয়াৰে সৈতে লাহৰীক লৈ সিপাৰ হৈ ললে। তাৰ পাচত, খেপেপতি আঁঠোটা নটাকৈ মানহঁতে পাৰ হবলৈ ধৰিলে। এই দৰে তিনিকুৰি-দহোটা মান বৰনৈ পাৰ হওঁতেই দুপৰনিশা হল। লাহৰীয়ে সিপাৰ হবৰেপৰা বিপদৰ