পৃষ্ঠা:লাহৰী.pdf/১০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪৭
লাহৰী


এই ভাব মনত অহা মাত্ৰকে কীৰ্ত্তিনাথ গোহাঞিয়ে চিয়ঁৰি চিয়ঁৰি মূৰত ভুকুৱাই কান্দিবলৈ ধৰিলে। বিষয়াসকল সকলোৱে কীৰ্ত্তিনাথ গোহাঞি সান্ত্বনা দি ৰাখি, এই কথাৰ সম্ভেদ্ লবলৈ আৰু লাহৰী নো ৰত্নেশ্বৰৰ ঘৰত আছে নে নাই, তাৰ সন্ধান লবলৈ গুপ্তভাবে মানুহ পাচিলে। কেইদিনমানৰ পাচত, সেই মানুহে গৈ ঘৰত ৰত্নেশ্বৰক নাপালে। গাৱঁৰ আন মানুহে কলে, বোলে দহ-বাৰ দিনমানৰপৰা তেওঁ ঘৰতেই নাই। ইফালে, লাহৰীৰ আইতাকে বিননিত গছৰ পাত কঁপাইছে। গাৱঁৰ বিষয়ানীসকলে কত নো বুজনি দিছেহি, লাহৰীৰ আইতাকৰ কাণত সি অলপো গুণ ধৰাব পৰা নাই। হিয়া ভুকুৱাই ভুকুৱাই তেওঁ বুক চামডলা যেন কৰিছে। আজি লাহৰীৰ আইতাকৰ বিলাই দেখি পানীতে হাঁহ নচৰা হৈছে। হাঁয় ! যি লাহৰীক আইতাকে বুকুৰপৰা এৰিবই নোখাজে, যি লাহৰীক তেওঁ চকুৰ আঁতৰ কৰিব নোৱাৰি ৰত্নেশ্বৰলৈ নিদিলে, আজি সেই লাহৰীক কোনে কলৈ নিলেগৈ তাৰ একো চিন্ নোহোৱাত পৰিল। ইচ্ছাময়ৰ আচৰিত ইচ্ছা! তেওঁৰ আচৰিত লীলা-খেলাৰ উদ্দেশ্য আমি কি বুজিম ! পাঠক, ইফালে আকৌ শূলধৰ বৰগোহাঞিৰ ঘৰলৈ চকু দিয়ক। ভাল হওক, বেয়া হওক, দুষ্টই হওক, টেটোনেই হওক, একেটি মাথোন পুতেক আছিল, আজি তেওঁ তাকো হেৰুৱালে। বৰগোহাঞি একেই হোজা মানুহ, পুতেকৰ শোকত এতিয়া একেবাৰে আতুৰ হৈ পৰিল। দেহি, সৰহ কথাৰ মানুহ নহয়; তেওঁ সৰু লৰাৰ দৰে চিয়ঁৰি চিয়ঁৰি কান্দিবলৈ ধৰিছে। ইফালে, মাকে বিননিত গছৰ পাত খিলি খিলি কৰিছে। একো একোবাৰ বা তেওঁ পানীত পৰি মৰিবলৈকে ওলাইছে। একেবাৰে বাউলী হৈ তেওঁ যাকে-তাকে “মোৰ বোপাই” “মোৰ বোপাই” বুলি সাবটি ধৰিছেগৈ। তেওঁৰ কান্দোন শুনি বাটৰ বাটৰুৱায়ো চকু-লো নুটুকি যাব পৰা নাই। শোকৰ বিননিৰে পুতেকৰ