পৃষ্ঠা:লাহৰী.pdf/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪২
লাহৰী ৷

 এই ৰাতি আৰু চিঠি দিয়া নহব। কাইলৈকো দুপৰীয়ামানে হে দিয়াম। কাইলৈৰপৰা মোৰ নামে পতা ভেঁকুলী-বিয়াৰ আৰম্ভণ ! এতেকে, এতিয়া আৰু আপোনাৰ শ্ৰীচৰণত মোৰ শেষ নিবেদন কৰোঁ। আজিৰ ৰাতিটো, কাইলৈৰ দিনটো আৰু ৰাতিৰ এছোৱালৈকে মাথোন আছোঁ ৷ ইহজনমৰ নিমিত্তে শ্ৰীচৰণত দাসীয়ে এই শেষ বিদায় ললো । মোৰ পাঙ্গি লোৱা কাৰ্য্যত বাধা জন্মাবলৈ বা আন উপায় কৰিবলৈ আপোনাৰ সময় নথকাকৈ হে চিঠি দিয়াম। গতিকে, আপোনাৰ তেনে চেষ্টা সফল নহব। আপুনি আপোনাৰ প্ৰতিজ্ঞা মতে সুখে থাকি, যেন আপোনাত এৰি যোৱা মোৰ অৰ্দ্ধ-আত্মাক সুখেৰে ৰাখিব, শ্ৰীচৰণত দাসীৰ এয়ে শেষ মিনতি। ইতি-  সেৱিকা,——লাহৰী।”

 লাহৰীৰ চিঠি লিখা হল। চিঠি সামৰি লৈ অলপ পৰ তেওঁ কি ভাবিলে । ভাবি ভাবি কি মন হল, চিঠিখনি মেলি আকৌ পঢ়িবলৈ ধৰিলে। এবাৰ পঢ়া হল, লাহৰীয়ে আকৌ এবাৰ ঘূৰাই পঢ়িবলৈ ধৰিলে। এইবাৰ পঢ়ি গৈ মাজখিনিমান পাওঁতেই, লাহৰীৰ কেতেকীপাহী যেন দুগালে মুকুতাৰ পানী যেন দুধাৰি চকু-লো বৈ আহি চিঠিখনিৰ ওপৰত কেইবাটিও টোপাল পৰিলহি; লাহৰীয়ে চকু মোহাৰি থাকোঁতেই ইফালে চিঠিৰ ওপৰত পৰা চকু-লোৰ টোপাল কেইটি শুকাই গল। টোপালৰ চিন্ কেইটি চিঠিখনিৰ ওপৰত অতৃপ্ত হেঁপাহৰ চিন্ স্বৰূপে ৰৈ গল। চিঠি নাসামৰালৈকে লাহৰীৰ চকুৰ জলক্-তবক্ নুগুচিল। গতিকে, তেওঁ সেই চিন্ কেইটিলৈ মন কৰিবলৈ নহল। সেই ৰাতিলৈ চিঠিখনি লাহৰীয়ে ৰিহাৰ আঁচলতে বান্ধি থলে। পিচদিনাও, বেলি ভাটী দিয়ালৈকে কমলক চিঠি দিয়া নহল। পিচ দিনা আবেলি— বিয়াৰ টেকেলি দিয়াৰ পিচদিনা—হে তেওঁ চিঠি পঠিয়াইছে। তাৰ পাচৰপৰা বিয়াঘৰীয়া মানুহৰ