পৃষ্ঠা:লাচিত বৰফুকন.pdf/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩১
লাচিত বৰফুকন।

অসমীয়া সেনা-সেনাপতি।—জয়,স্বৰ্গদেৱৰ জয়!

জয় বৰফুকন লাচিতৰ জয়।

(সকলোৰে বেগেৰে প্ৰবেশ)

 পানীফুকন।—হাঁয়, হাঁয়! গল, গল! নিৰস্ত্ৰ বৰফুকনৰ নাও ভটীয়াই গল। শত্ৰুৰ মুখত অযাচিতে পৰেগৈ এতিয়া। যোৱাঁ, যোৱাঁ, বিষয়াসকল, আগ বাঢ়াঁ। কি চাইছাঁ, বৰফুকনৰ নাও আৰ কৰি আগ হোৱাঁগৈহঁক। গণকৰ ক্ষণ নালাগে; এই মাৰিলোঁ, মাৰিলোঁ বৰতোপ, মাৰিলোঁ (আৱাজ)।—হিলৈ মাৰিবলৈ ধৰাহঁক ( আৱাজ )।—মাৰি থাকাঁ, মাৰি থাকাঁ। ( জাউৰি-জাউৰিকৈ হিলৈৰ আৱাজ )।

অসমীয়া সেনা-সেনাপতিসকল।—জয় স্বৰ্গদেৱৰ জয়!

জয় বৰফুকন লাচিতৰ জয়।

(সকলো বেগেৰে প্ৰৱেশ আৰু প্ৰস্থান)

 পানীফুকন।—( নেপথ্যলৈ আঙুলিয়াই )চোৱাঁ, চোৱাঁ, সৌৱা বৰফুকনৰ নাও আৰ কৰি ধৰি আমাৰ বিষয়াসকলৰ নাও আগ বাঢ়িল। দুয়ো পাৰৰপৰা মেলি দিয়া নাও চাপি, সৌৱা এখন সাঁকো যেন হৈছে। নাৱে নাৱে ভৰি দি ব্ৰহ্মপুত্ৰ ইপাৰ-সিপাৰ হব পৰা হৈছে! অসমীয়া ৰণতৰী দেখি চৰিপ্‌খাঁ তধা লাগিছে। গণকৰ বাধা নেওচা যাওক, বৰতোপ উফৰিবলৈ দিয়াঁ। হিলৈ মাৰিবলৈ ধৰাঁ। শত্ৰুৰ নাও ওফৰাই নিয়ক। (হিলৈৰ আৱাজ)। নৰবাঁ, নৰবাঁ, মাৰাঁ, মাৰাঁ, জাউৰি-জাউৰিকৈ হিলৈ মাৰি থাকাঁ (হিলৈৰ আৱাজ)। যাওঁ, যাওঁ, ময়ো যাওঁ, আগচি ধৰোঁগৈ। (নেপথ্যত হিলৈৰ আৱাজ)

(পানীফুকনৰ বেগেৰে প্ৰস্থান; বুঢ়াগোহাঞি ডাঙৰীয়াৰ প্ৰবেশ)

 বুঢ়াগোহাঞি।— বুৰিল, বুৰিল! শত্ৰু নিগমে বুৰিল! চোৱাঁ, চোৱাঁ, বৰতোপৰ গুলি লাগি মোগলৰ নাওবোৰ সসৈন্য়ে তললৈ গৈছে! যাওক, যাওক, ৰসাতললৈ যাওক। বাকীবোৰ ভটীয়াই সৌৱা পলাবলৈ ধৰিছে।