পৃষ্ঠা:লাচিত বৰফুকন.pdf/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২৩
লাচিত বৰফুকন।

 পণ্ডিত।-ভাল, মই মুখেৰেই বিবৰি কমগৈ। বিদায় হে এতিয়া।

 অজিত।-(সৈনিক চেলাম দি) হুজুৰ, প্ৰভো! সেৱা হে এতিয়া।

 লচিত।-বাৰু, যাব পাৰাহঁক। (পণ্ডিতৰায় আৰু অজিতৰ প্ৰস্থান)

 পানীফুঃ।-দান চাই সমিধান হৈছে। সাত লাখ টকা আগ কৰি যি গুৱাহাটীৰ নিমিত্তে যুদ্ধ পতা হল, এতিয়া মোগলক পাঁচ লাখত সেই গুৱাহাটী বিক্ৰী কৰিব লাগে। ৰাজ্য বেচি খোৱা আকালত আমাৰ ৰজা এতিয়াও পৰা নাই; সিমান সস্তাত পালে গুৱাহাটীৰ নিচিনা চহৰ আমাৰ ৰজাই খনচাৰেক কিনিব হে পাৰে। আমাৰ প্ৰাণ থাকেমানে গুৱাহাটী মোগলৰ হাতলৈ আৰু যাবলৈ নাপায়।

 গন্ধৰ্ব্ব।-গাৰ বলত ঘাটি এতিয়া ধনৰ বল দেখাৱ : মোগলৰ গণ্ডপ্ দেখি ঘৃণা বোধ হৈছে। যি গুৱাহাটী প্ৰাণ দি কিনিবলৈ আহিছোঁ, সেই গুৱাহাটী ধন লৈ বেচিম! আমি জীয়াই থকাত গুৱাহাটী কোনে নিয়ে চাওঁ।

 লাচিত।-ই ৰামসিংহৰ মতলব বুজিছোঁ; ছলে-বলে-কলে-কৌশলে তেওঁ গুৱাহাটীক কেন্দ্ৰ কৰি লৈ, থিতাপি হৈ বহিবলৈ বিচাৰিছে! কি বিড়ম্বনা! মহৰ শিঙ্গত কঁকিলাৰ ডাঁৰ! আমিও আকৌ পাৰ্য্যমানে মোগলক গুৱাহাটী সোমাবলৈ এৰি নিদিছোঁ,প্ৰাণপণে লৰিম। লাচিতৰ প্ৰাণ থাকে মানে গুৱাহাটী আহোমৰ হাতৰপৰা যাব নোৱাৰে। ই ধ্ৰুব-নিশ্চয় কথা। এই গুৱাহাটীয়েই মোগলক আহোমৰ প্ৰতাপ দেখুৱাব।

 পানীফুঃ।-নিশ্চয়, ই প্ৰাণপণ কৰিব লগীয়া লক্ষ্য। “মন্ত্ৰৰ সাধন কিম্বা শৰীৰ পতন”; হয় গুৱাহাটী ৰক্ষা, নহয় এই শৰীৰৰ পতন।-এই দুটাৰ এটা হে হব; ইয়াৰ অন্যথা নহয়। অসম ৰজাৰ অসম ক্ষমতাৰ পৰিমাণ মোগলে এইবাৰ ভালকৈ পাব।

 লাচিত।-সি যি হওক, ৰামসিংহ নিশ্চিন্ত, হৈ বহি থকা নাই। এইবাৰ শৰাইঘাটেদি গুৱাহাটী সোমাবলৈ তেওঁ সমস্ত ৰণবল একেলগ কৰি প্ৰাণপণে যুঁজিব। এতেকে, আমাৰো সতৰ্ক হোৱা উচিত।যোৱা, পানীফুকনে