লাচিত।-চাওঁ। (পত্ৰ লৈ পাঠ কৰে ) অ, ৰামসিংহ সেনাপতিয়ে পাঁচ লাখ টকা দি গুৱাহাটী কিনিবলৈ বিচাৰিছে!
পণ্ডিত।–হয়, ডাঙৰীয়া! সেয়ে হলে মোগলৰ লগত আহোমৰ মিত্ৰতা দৃঢ়তৰ হয়। বিশেষ, জীয়াৰী-সম্বন্ধ ঘটিল যেতিয়া, ৰাজকীয় সম্বন্ধেৰে সি দৃঢ়তৰ হোৱাটো অবাঞ্ছনীয় নহয়। পত্ৰত লিখা পাঁচ লাখ টকা আপোনালোকে গুৱাহাটীত গড় বন্ধোৱা খৰচৰ বাবদ হে দিয়া হৈছে; লাগিলে তাৰো ওপৰঞ্চি দিয়া যাব।
বুঢ়াগোহাঞি।-কিনো জীয়াৰী-সম্বন্ধৰ কথা কলা? ভালকৈ নুবুজিলোঁ।
অজিত।-নুবুজিলে?-আপোনাসকলৰ জীয়াৰী ৰমণী গাভৰুৰ কথা কোৱা হৈছে। অলপতে হেনো দিল্লীৰ পাটচাহৰ পুত্ৰ চাহাজাদা আজমৰ লগত ৰমণী গাভৰুৰ বিয়া হৈ গৈছে; সেই কাৰণে মোগলৰাজৰে সৈতে আহোমৰাজৰ জীয়াৰী-সম্বন্ধ ঘটিছে বোলা হৈছে।
লাচিত।-হয় নে? (হঠাৎ অন্যমনস্ক) ৰমণী গাভৰুৰ বিয়া হৈ গৈছে নে? হওক, তথাপি গুৱাহাটী দি সেই সম্বন্ধ দৃঢ়তৰ কৰাৰ সকাম আমাৰ বিশেষ নাই।
বুঢ়াগোহাঞি।-(স্বগতঃ) গুৱাহাটী এৰি দিলে, মোগলে গোটেইখন অসম দেশকে লবগৈ।
পণ্ডিত।-ডাঙৰীয়া! কথাটো দকৈ ভাবি চাওক।
লাচিত।-ভাবি চাবলৈ নাই; আমালৈ তেনেকুৱা মিট্মাট সুবিধাজনক নহব। এতিয়ালৈকে আমি টকাৰ অভাবত পৰা নাই এথোন; আৰু বছৰচাৰেকৰ পাচত, তেনে অভাব আহে যদি, তেতিয়া বাৰু দেখা যাব। তোমাৰ সেনাপতি মহাশয়ক আমাৰ চেলাম দি এই উত্তৰ জনাবাঁগৈ। তেওঁক এইটোও জানিবলৈ দিবাগৈ যে, গুৱাহাটী বেচিবলৈ লাচিত গুৱাহাটীলৈ অহা নাই, গুৱাহাটী উদ্ধাৰ কৰিবলৈ হে আহিছে। লাচিতৰ দেহাৰপৰা প্ৰাণৰ বিয়োগ নঘটেমানে, আহোম ৰাজ্যৰপৰা গুৱাহাটীৰ বিয়োগ নঘটে! এই কথা তোমাৰ বৰসেনাপতি ৰজা ৰামসিংহক দঢ়াই দঢ়াই কবাঁগৈ।