পৃষ্ঠা:লাচিত বৰফুকন.pdf/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ গৰ্ভাঙ্ক।

গুৱাহাটী,—বৰফুকনৰ চৰা।

(বুঢ়াগোহাঞি ডাঙৰীয়া আৰু লাচিত)

 বুঢ়াগোহাঞি।—আজি আপোনাক বিমৰ্ষ দেখিছোঁ,—কিয়?

 লাচিত।—হয়, ডাঙৰীয়া, বাহিৰত বিমৰ্ষ হৈ দেখুৱাৰ কথা নহয়; কিন্তু ভিতৰি হে এটা কথাত মনত বৰ দুখ লাগিছে।

 বুঢ়াগোহাঞি|—কিনো কথাত?

 লাচিত।–আপুনি জানেই, দলিবাৰী কোঁঠ অৱৰোধ কৰিবলৈ অবিধিকৈ পঠিয়াই আমাৰ দহ হাজাৰ সৈন্য অনৰ্থক হানি কৰিলো! ই বৰ পৰিতাপৰ বিষয়। ই মোৰ দূৰদৃষ্টিত কেনা দেখুৱাইছে!

 বুঢ়াগোহাঞি।—অবিধি নো কেনেকৈ হল?

 লাচিত।–অৰ্থাৎ, মোৰ কৌশলৰ বহিৰ্ভুত কাম হল। বৰ্ত্তমান ৰণৰ গতি-গোত্ৰ চাই, নিজৰ গড়ৰ বাহিৰে খেদি গৈ আক্ৰমণ কৰাটো মোৰ ৰণ-বিধি নহয়। সেই দুৰ্ঘটনাৰ আগলৈকে মই তেনে ব্যৱস্থাত ধৰা নাছিলোঁ।

 বুঢ়াগোহাঞি।—তেন্তে নো আপুনি সেনাদল কিয় বাহিৰকৈ পঠিয়াইছিল?

 লাচিত।—ৰজাৰ আদেশ, নপঠিয়ালেই নহয়। ৰণ নিছিগা দেখি, নগৰত নতুন ৰজা উদয়াদিত্য স্বৰ্গদেৱে তত্ নাইকিয়া কৰিছে। মই আপত্তি দেখুৱাৰ স্থলতো স্বৰ্গদেৱে সেই আদেশ দোহাৰি পঠিয়ালে যে, দলিবাৰী কোঁঠৰপৰা মোগলক খেদি পঠিয়াবৰ নিমিত্তে তুৰন্তে যাত্ৰা কৰিব লাগে। অগত্যা সেই মতে দুজন সেনাপতিৰ তলে দহ হাজাৰ আমাৰ সৈন্য পঠিয়াইছিলোঁ; পিচে, শত্ৰুপক্ষে ছেগ বুজি আগে-পিচে বেৰি ধৰি সেই দহো হাজাৰ সৈন্য নিপাত কৰিলে! মোৰ যেন বাহুৰপৰা দহটোপা ৰক্ত হে ক্ষয় হল। আমাৰ মাজত একো-একোটা সেনা একো-একোটা হাতীৰ নিচিনা। তাৰ ঘাটি হয় বুলি হে আমি আগ-পিচ চাওঁ। ইয়াৰ আগেয়ে যি কেইটা ডাঙৰ যুঁজ হৈ গল, তাতো