পৃষ্ঠা:লাচিত বৰফুকন.pdf/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম গৰ্ভাঙ্ক।

শৰাইঘাটৰ ভাটী,—মোগল-কোঁঠ।

(ৰামসিংহ, চৰিপ্‌খাঁ, পণ্ডিতৰায় আৰু অজিতচিং)

 ৰামসিংহ।—(চৰিপ্‌খাঁৰ প্ৰতি) তুমি যাত্ৰা কৰিবৰ সময়ত পাটচাহৰ লগত অৱশ্যে সাক্ষাৎ হৈছিল?

 চৰিপ্।—হৈছিল। কিন্তু, পাটচাহ বৰ ব্যস্ত আছিল। অকল পাটচাহ কিয়, সেই কেদিন গোটেই দিল্লী চহৰ তল-ওপৰ হৈছিল।

 পণ্ডিতৰায়।–কিয়? কিবা দুৰ্ঘটনা হৈছিল নে কি?

 চৰিপ্।—দুৰ্ঘটনা নহয়, সু-ঘটনা হে। আনন্দত হে তল-ওপৰ হৈছিল। চাহাজাদা মহহ্মদ আজমৰ বিয়া হৈ গল নহয়,—শুনা নাই?

 অজিত।—ওঁঃ, নাই শুনা! কাৰে সৈতে বিয়া হল?

 চৰিপ্।—সেই আহোম ৰাজকুমাৰী ৰমণী গাভৰুৰে সৈতে।

 অজিত।—ৰমণী গাভৰুৰে সৈতে বিয়া! বেচ, হওক। (লুকুৱাই হাঁহে) ৰমণী চাগৈ এতিয়া যুৱৰাণী হল; তেওঁৰ বৰ ভাগ্য!

 ৰামসিংহ।—বাৰু, সেইবোৰ কথা এতিয়া এৰাঁ; পাচত আৰু সৈন্য আহিব লগীয়া আছে নে নাই?

 চৰিপ্।—ক'তা, মোক সেই বিষয়ে পাটচাহে একো কোৱা নাই; লাগিলেই বোধ কৰোঁ পঠিয়াবলৈ প্ৰস্তুত ৰাখিছে।

 ৰামসিংহ।—আগীয়াঠুঁটিৰপৰা বামে তো গুৱাহাটীলৈ বাট লব পৰা নহলেই! –উঃ, লাচিতৰ কি অদ্ভুত কৌশল, একে ৰাতিৰ ভিতৰতে মাজ বাটতে সেই হেন প্ৰকাণ্ড গড়টো তৈয়াৰ কৰাই উলিয়ালে!—এতিয়া আমি শৰাইঘাটেদি বাট নুলিয়ালে, গুৱাহাটী সোমাবলৈ অন্য ভাল উপায় মই দেখা নাই। কিন্তু, তালৈকো এতিয়া বাৰিষা হল!