পৃষ্ঠা:লাচিত বৰফুকন.pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১৪
লাচিত বৰফুকন।

 মাধৱ।-ভাল হৈছে। কিন্তু, পঠা-বলি পৰা হলে জানিবা আমাৰ উদৰ- ৰাজো আলহী হব পাৰিলেহেঁতেন। পিচে, এতিয়া ম’হ হে বলি নালাগে নৰবলিকে দিয়াহঁক, তাত আমাৰ হৰিষো নাই বিষাদো নাই।

 নৰ্ত্তম।-ছিঃ! পায় নে তেনেকৈ কব? বলি হবলা মানুহে খাবলৈ হে দিয়ে? কটা, কেনে আপদীয়া মানুহঔ এইটো!

 মাধৱ।-কিয়, বলি মানুহে খোৱা তুমি দেখা নাই নে? ম’হ নহৈ পঠা হোৱা হলে, তোমাতে দেখা গলহেঁতেন, খালাহেঁতেন নে নাকৰ তলে গুজিলাহেঁতেন।

 নৰ্ত্তম।-কিনো অবুজনঔ। বোলোঁ, আমি যেতিয়া খাওঁ তেতিয়া সি বলি নহয়, —তেতিয়া ভোগ,—প্ৰসাদ।

 মাধৱ।-বাৰু, বাৰু, তোমাৰেই জয়। তেওতো সি এই পেট–পূজাৰ বস্তু? প্ৰসাদেই হওক, বা পঠাই হওক, বা পঞ্চমকাৰৰ এক মকাৰেই হওক, তাৰে তো আমিসৱৰ পেট-পূজা কৰা যায়? ইস্, ইস্, এৰি পেলাওঁ সেইবোৰ কথা দেও, জিভাৰ পানী ওলাই আহে।

 নৰ্ত্তম।-উঃ, কটা কেনে লুভীয়া মানুহঔ এইটো!

 মাধৱ।-সঁচা, লুভীয়া তো। ই মানুহৰ ধৰ্ম্ম। ময়ো মানুহ, সেই দেখি মানুহৰ ধৰ্ম্ম ৰক্ষা কৰিছোঁ। লোভ, পাপ আৰু মৃত্যু এই তিনি লৈয়ে সংসাৰ। নাজানা নে, শাস্ত্ৰত কৈছে, “লোভে পাপ, পাপে মৃত্যু”; ইয়াত বাজে আৰু আছে কি? বাৰু, ভাবি চোৱাঁ, লোভত নপৰা কোন আছে?— মোৰ জানিবা মাংসলৈ মনত পৰি লোভ লাগিছে; তোমাৰ হয়তো ধনলৈ মনত পৰিলে লোভ লাগিব।—নহয় জানো?

 নৰ্ত্তম।-এৰা, হওঁতে হয়। পিচে, আমাক ধনৰ লোভ লগাওঁতা আছে কোন্ দেও! নিচলা গণকক গণিতা কৰে কোনে!

 মাধৱ।—ময়েচোন গণিতা কৰোঁ; ময়েচোন সেই লাভ দেখুৱাব পাৰোঁ।

 নৰ্ত্তম।—(ৰংমুৱা হৈ) দেখুৱাচোঁ বাৰু, চাওঁ।