পৃষ্ঠা:লাচিত বৰফুকন.pdf/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯৭
লাচিত বৰফুকন।

তাৰ অপৰ্য্যাপ্ত যোগানৰ আয়োজনত ধৰোঁহঁক; এই অৰ্থে অনতিপলমে যুণ্ডত আয়োজনত ধৰিবলৈ খাৰঘৰীয়া ফুকনক আদেশ কৰা গল; বৰবৰুৱাৰ গাত তাৰ তত্ত্বাৱধানৰ ভাৰ থাকিল। এতিয়া সবাৱে মিলি উপস্থিত যাত্ৰাৰ আয়োজনত সহায় কৰিবগৈ লাগে; সন্ধ্যাৰ পূৰ্ব্বে আমি সমস্ত আয়োজন পৰিদৰ্শন কৰিমগৈ।

(সকলোৰে প্ৰস্থান)

 

ষষ্ঠ গৰ্ভাঙ্ক।

বৰফুকনৰ বাহৰ,— ভিতৰ-চৰা।

(পিজলা গাভৰু আৰু গন্ধৰ্ব্বনাৰায়ণ )

 পিজলা।—( অকলে) হাঁয়, কিবা এটি যেন নাই। মন উগুল-থুগুল আৰু প্ৰাণ উৰুঙা লাগিছে কিয়? তেওঁচোন মোৰ এতিয়ালৈকে একোৱেই নহয়। তথাপি, দুদিন নেদেখিলে দুবছৰ যেন লাগে কিয়? কেতেকী বাইক পঠিয়াই মতাই আনিম যেন! পিচে,—

(গন্ধৰ্ব্বৰ হঠাৎ প্ৰৱেশ )

 গন্ধৰ্ব্ব।—অকলে আপোন মনেৰে দেখোন?

 পিজলা।— (লাজত তলমূৰ কৰি) এৰা, সাক্ষাতকে নাপাওঁচোন?

 গন্ধৰ্ব্ব।— ক্ষমা কৰিবাঁ, পিজলা!

 পিজলা।—কিহৰ ক্ষমা? আপনি কি জগৰ লগাই আহিছে নে কি?

 গন্ধৰ্ব্ব।—ডাঙৰ জগৰ।

 পিজলা।—কিবা?

 গন্ধৰ্ব্ব।—তোমাক আজি ভালমান দিন দেখা দিবহি পৰা নাই।