পৃষ্ঠা:লাচিত বৰফুকন.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পঞ্চম গৰ্ভাঙ্ক।

গড়গাওঁ,— ৰজাৰ বৰচৰা।

( চক্ৰধ্বজ, বুঢ়াগোহাঞি, বৰগোহাঞি, বৰবৰুৱা)

 চক্ৰধ্বজ।—ৰামসিংহ সেনাপতিৰ অহঙ্কাৰৰ বৰকথা শুনিছাহঁক;— ৰামসিংহই বোলে আমাক হতীয়াহতি যুদ্ধলৈ আহ্বান কৰিছে। তেওঁ ভাবিছে বোধ কৰোঁ, তেওঁত্পৰ আৰু বিচক্ষণীয়া যোদ্ধা নাই, তেওঁৰ সৈতে সম্মুখ-সংগ্ৰাম দিব পৰা সেনাপতি অসমত নোলাব; কিন্তু আছে নে নাই আমাৰো দেখুৱাবৰ মন যায়; আৰু হতীয়াহতি যুদ্ধত তেওঁ কিমান পৰ ঠাৱৰিব পাৰে তাৰো প্ৰমাণ চাবৰ ইচ্ছা হয়। পিচে, তেনে উধত্‌ মানুহৰ ইচ্ছা পূৰাবলৈ গলে আমাৰ মৰ্য্যাদা নৰয়, ইন্দ্ৰবংশী ৰাজ-সিংহাসন লাঞ্ছিত হয়। নতুবা, পাটচাহ আওৰেংজেবে সেই আহবান দিয়া হলে তাক আগ্ৰহেৰে গ্ৰহণ কৰা গলহেঁতেন, আহোম ৰাজ-সিংহাসনৰ বাহুবল দেখুৱালোহেঁতেন!

 বুঢ়াগোহাঞি|—উঃ, মোগল সেনাপতি ইমানটো গণ্ডপ ! তেওঁ গছৰ গুৰিলৈ চাপি নোচাৱাকৈ একেবাৰে আগলৈ হাত মেলে ! আগেয়ে তেওঁ তেওঁৰ সমনীয়া সেনাপতিৰে সৈতেই লৰি চাওক কিমানপৰ ঠাৱৰিব পাৰে, তাৰ পাচত পাচৰ কথা। সম্মুখ-সংগ্ৰামলৈ সষ্টম হৈ তেওঁৰ সমুখতে আহোম বীৰ লাচিত বৰফুকন বিদ্যমান; প্ৰথমে তেওঁৰ আগতে থিয় দি ঠাৱৰকচোন। তাৰ পাচত আমি আছোঁ, আমাৰ পাচত যি হয় হব !

 বৰবৰুৱা।—ৰামসিংহৰ প্ৰলাপত আমাৰ লাগিবৰ সকাম নাই। তেওঁৰ উক্তি শুনিয়েই আমি যুক্তি ধুকি পাইছোঁ। বাট এৰি অবাটে চলোঁতাক পৰি-মৰাহে বোলে !

 চক্ৰধ্বজ।—তথাপি, এনে অহঙ্কাৰ অসহনীয়। ৰামসিংহৰ দৰ্প তুৰন্তে চুৰ্ণ হব লাগে।