পৃষ্ঠা:লাচিত বৰফুকন.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯৩
লাচিত বৰফুকন।

কাৰণে হে মই সিহঁতক বেচি ভাল পাওঁ আৰু বিশ্বাস কৰোঁ। বাৰু, তুমি যোৱাঁ এতিয়া, খোৱা-মেল কৰাঁগৈ।

 অজিত।—বহুত আচ্ছা হজুৰ! মই আহোঁ। (স্বৰ্গতঃ) এফেৰি কৰ্ম্ম সাধিলো। ৰচিদ্‌খাঁই অসমৰ ভিতৰুৱা কথা সোপাকে জানে; এওঁক খেদাব পাৰিলে হে মোৰ উদ্দেশ্য সিন্ধিত বিশেষকৈ সুচল ঘটিব। (প্ৰস্থান)

 ৰামসিংহ।—(অকলে) কথাটো আপোনা আপুনি প্ৰমাণিত হৈ পৰিল। মই আহিয়েই শুনিছিলোঁহি যে, কোনোবা দুটা মানুহৰে সৈতে ৰচিদাখাঁৰ কিবা স্বাৰ্থ-চক্ৰান্ত চলিছিল। সেইটো ব্যৰ্থ হোৱাত হে তেওঁ দুয়োকুল হেৰুৱাব লগাত পৰে। তেওঁৰো মনোবাঞ্ছা পূৰ্ণ নহল, আমাৰ দুবাৰ ৰণত পৰাজয় ঘটিল। সি যি হওক, এওঁৰ লগত সতৰ্ক হৈ ব্যবহাৰ কৰিব লগাত পৰিছে। নতুবা, এওঁক একেবাৰে বিদায় দিব পাৰিলেও বেয়া নহয়। বাৰু, দেখা যাওক, আৰু কিছুদিন তেওঁৰ আলেখ-লেখ বুজি চাওঁ।—অজিতসিং কিন্তু বৰ হুঁচিয়াৰ, বৰ বিশ্বাসী। এই ডেকা সৈনিকটি দেখাতেই বুদ্ধিমান। আমাৰ অসম-যাত্ৰাৰ পিচদিনা বাটৰুৱা শিবিৰত ই আহি আমাৰ ফৌজত ভৰ্ত্তি হওঁতেই ইয়াৰ প্ৰতি স্বভাৱতে মোৰ মনোযোগ আকৃষ্ট হৈছিল। তেতিয়াৰেপৰা দিনে দিনে ই নিজ কাৰ্য্যেৰে মোক মোহ লগাই আহিছে। বাস্তবিকতে ইয়াক মোৰ গা-চোৱা কামত ভৰ্ত্তি কৰি বৰ ভাল কাম কৰিলোঁ। ( নিটাল মাৰি ৰয়)।

(ৰচিদ্খাঁ আৰু ৰঘুনাথসিংহৰ প্ৰৱেশ)।

 ৰঘু।—এ, আমাৰ বৰসেনাপতি অকলে! চিন্তাত দেখোঁ মগ্ন।

 ৰচিদ্।—চিন্তা তো বহুত কৰা হৈছে, তাৰ ফল হে ব্যৰ্থ!

 ৰামসিং।—(মুৰ দাঙ্গি খঙ্গেৰে} বৰ্থ্য় কাৰ দোষত?

 ৰচিদ্।—মোৰ দোষত হবলা?

 ৰাম।—তোমাৰ দোষত নহয় যে কি? মোৰ উদ্ভাবিত উপায় আৰু

কৌশল তোমাৰ ফেৰিয়াফেৰিত কেইটা ব্যৰ্থ হৈছে ভাবি চোৱাঁ।