পৃষ্ঠা:লাচিত বৰফুকন.pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮৯
লাচিত বৰফুকন।

 অজিত।—বহুত আচ্ছা হজুৰ! ( সৈনিকৰ চেলাম দি ঘূৰি গহীন খোজেৰে প্ৰস্থান কৰে)।

 লাচিত।—মোগলৰ সেনাপতি ৰজা ৰামসিংহই লিখিছে কি শুনিবাহঁক, —“পূৰ্ব্বৰ মোমাই তামূলী বৰবৰুৱাৰ সন্ধি মতে এতিয়াও অসুৰৰ আলি "সৰু বৰনৈকে সীমা মানি আহোম ৰজাই গুৱাহাটী মোগলক এৰি দিব লাগে; নহলে দুঘণ্টামান যুঁজিও চাব পাৰে। তালৈকো তীৰ-বন্দুক নহলে আমাক খুজিলেও পাব পাৰে”।

 গন্ধৰ্ব্ব।—উঃ, কেনে অসহনীয় গণ্ডপ! পত্ৰৰ মৰ্ম্ম শুনি মোৰ সিৰে- সিৰে তেজ উতলিব লাগিছে! বৰসেনাপতি ডাঙৰীয়াৰ সাক্ষাতত নোহোৱা হলে আজি দূতৰ মুখেই চুঙা চাই সোপা দিবৰ মন আছিল। বাৰু, ৰামসিংহই তেওঁৰ অনুমানৰ পৰিমাণ পাবলৈ আৰু সৰহ পলম নাই।

 চন্দ্ৰ।—ইঃ, ইমান ফিতাহি! দূতৰ আগতে ভালকৈ গালি পাৰি পঠিয়াব লাগিছিল। সি নৌ যাওঁতেই নুশুনিলোঁ!

 লাচিত।—তোমাৰ দৰে সকলো উতলা জানো? ধীৰে-শাঁতে পাচে-পৰে ভাবি-চিন্তি জোকৰ-মুখত চূণ-পৰাকৈ উত্তৰ দিবলৈ বুলি স্থগিত ৰখা হল। দূতৰ আগত গালি পৰাটো উজু কথা, কিন্তু সম্মুখ সংগ্ৰামুত ঠাৱৰি মহতালি দেখাব পাৰিলাহেঁতেন যদি তেহে। কিন্তু তোমাক যতে দিওঁ ততে পোলোকা মাৰি তুমি পিচুৱাই পৰা দেখোন? তোমাৰ ওপৰত নিৰ্ভৰ কৰাৰপৰা কেইখন ৰণত কেইবাৰ মোৰ ৰণ-কৌশলত কেনা লগাইছিলা মনতকৈ চাৱাঁ। বাৰু, যি হওক, ৰামসিংহ সেনাপতিয়ে এইখন আমাৰ পত্ৰৰ হে উত্তৰ দিছে। এইদৰে উত্তৰাউত্তৰি কৰি থাকোতেই বাৰিষালৈ থকা বাকী দিন কেইটা পাৰ হলে আমালৈ হে ভাল। সিমানত নগৰৰপৰা আমাৰ ডাঙৰীয়া দুজনো সসৈন্য় পাবহি। এতেকে মোৰ মনেৰে, সদ্য়হতে এই ভাৱে উত্তৰ দি থোৱাই ভাল দেখোঁ,—“মান্ধাতাৰ বংশত জন্মি আৰু জয়সিংহৰ পুত্ৰ হৈ ৰামসিংহই তেনে কথা লিখিব নালাগিছিল; দুই-চাৰি ঘন্টা যে যুঁজিব খোজে, দুই-চাৰি বছৰ