পৃষ্ঠা:লাচিত বৰফুকন.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮৭
লাচিত বৰফুকন।

 চন্দ্ৰ।— জানো উচাতন নে বিচাতন, তোমালোকে হে জানা দেও। মিছাতে ইয়াত লেকাট লাগিবলৈ আহিলোঁ মাথোন, লাভত একো নহবগৈ যেন হে লাগিছে।

 মাধৱ।—কিনো লাভৰ আশা কৰি অহা হৈছিল?

 চন্দ্ৰ।—ৰাজকুমাৰৰ আশা কি হব পাৰে ভাবি চোৱাচোন বাৰু।

 মাধৱ।—চাইছোঁ, ধুকি পাইছোঁ,—ৰাজ্যলাভ। সেইটি বাৰু পাইছোঁ; আপোনাক লাভ কৰিবলৈ দিবলৈ চাব নে এতিয়া নিজলৈ চাব? ৰজা, বৰফুকন, বিষয়া এইবিলাকৰ নিজৰ গাতে তত্ নাই, আপোনালৈ চাব এতিয়া? ভাল আশাত বন্ধ গৈছে হয় আপুনিও!

 চন্দ্ৰ।—এৰা, গম্ পাইছোঁ লাহে লাহে। এফেৰি ৰং-তামাচা, ফুৰ্ত্তি কৰিবলৈ আজৰি নোহোৱাকৈ খাটিও বৰফুকনক সন্তোষ লগাব পৰা নাই, তেওঁ হেনো দায়ীত্ব থকা ডাঙ্গৰ কাম মোৰ ওপৰত নিৰ্ভৰ কৰি নিশ্চিন্ত হব নোৱাৰে। নোৱাৰে ভালেই হে, ময়ো নিবিচাৰোঁ। তেওঁৰ লগত তো চৰাই হৈ উৰিব নোৱাৰি। ঔ ৰাম। অলপ জিৰাবলৈ-শঁতাবলৈ আজৰি নাই, অলপ ফুৰ্ত্তি কৰিবলৈ ছেগ নাই, কেৱল উৰোঁ উৰোঁ! সকলোৱে আকৌ তেওঁৰ দৰে পাৰিলে হে হয়।

 মাধৱ।—নকব আৰু, এই পাকত হলে মোৰ মনে সৈতে মিলি গৈছে।

 চন্দ্ৰ।—বাৰু, চাওঁ আৰু কেইটামান দিন। নহলে, গুচি যাবগৈ লাগে। আৰু এফালে তো হতাশ হৈছোঁৱেই। মিছাতে গাৰ দুখ, মনৰ কষ্ট!

 মাধৱ।— আৰু নো হতাশৰ ইটো বিষয় কি?

 চন্দ্ৰ।—( বিমৰ্ষ ) এ, নুসুধিবাঁ, সেইবোৰ কথা দেও!

 মাধৱ।—মাধৱে কিন্তু নুসুধিলেও নুবুজাকৈ নাথাকে। এই ভাগ প্ৰেমৰ বিকাৰ হব পায়?—পিজলা গাভৰুদেউ তাৰ লক্ষ্য় নহয় জানো?

 চন্দ্ৰ।—তুমি তো কম শিয়ান নহয় দেখিছোঁ।

 মাধৱ।—এ, কম নহয় দেখি তো এই দুটা দিন বৰ্ত্তিব পাৰিছোঁ।