পৃষ্ঠা:লাচিত বৰফুকন.pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮৪
লাচিত বৰফুকন।

 ৰমণী।–পিচে, পিচে?

 আমিনা।–পিচে, যুৱৰাজে বাৰু বুলি আশ্বাস দিলে। কিন্তু, মই সুধিলোঁ, বোলোঁ, অকল আপোনাৰ অনুমতি হলেই হব জানো? সম্ৰাটে বা বোলে কি?

 ৰমণী।—পিচে, কি উত্তৰ দিলে তেওঁ?

 আমিনা।—তেওঁ উত্তৰ দিলে, বোলে, বাৰু তাৰ উপায় হব। তাৰ পাচত মই আকৌ সুধিলোঁ, কেনেকৈ নো পঠিওৱা হব আৰু ক’ত ক'ত নো ফুৰিব।

 ৰমণী।—পিচে, তাৰ উত্তৰ কি দিলে?

 আমিনা।—তাৰ উত্তৰ দিলে, বোলে, কেনেকৈ পঠিওৱা হব তাৰ ব্যৱস্থা মোৰ হাতত। ক’ত ক'ত ফুৰিব সেইটো ৰাজকুমাৰীৰ ইচ্ছা। পূব ফালে অনেক তীৰ্থস্থান আছে, সেইবোৰকে দৰ্শন কৰি আহিবগৈ পাৰিব।

 ৰমণী।—বৰ সন্তোষ পালোঁ আমিনা। এই পোতাশালৰ নিচিনা ঠাইত তুমি মোৰ আচল বন্ধুৰ কাম কৰিছাঁ। ইয়াৰ বাবে তোমাক কি দি সন্তুষ্ট কৰিম ভাবি পোৱা নাই।

 আমিনা।—এঃ, কি দিব লাগিছে। মোক প্ৰকৃত মিত্ৰ বুলি ভাবিছে যদি, মই কৰা উপকাৰৰ বাব দিয়াটো অন্যায় হে হব।

 ৰমণী।—সেইটোও সঁচা। আমিনা, তুমি যেনে বুদ্ধিমতী, তেনে জ্ঞানৱতী; আৰু কবলৈ গলে, তেনে ৰসৱতীও। বাৰু, এতিয়া তোমাৰ কৰিব লগীয়া বাব ফেৰি কৰিলেই আজিলৈ বিদায় পাবাঁ।

 আমিনা।—কি নো বাব?

 ৰমণী।—আমনি নোপোৱাঁ যদি কওঁ। আমিনা, তুমি সিদিনা শুনাবলৈ গাতলোৱা এটি ব্ৰজাৱলী গান শুনোৱাৰ বাব।

 আমিনা।—অ, সেই বাব। মই বোলোঁ কিবাহে ! বাৰু, গাওঁ, শুনক।