ৰামসিংহ।—জাহাপনা, মই আনন্দেৰে ঘাই সেনাপতিৰ বাব গ্ৰহণ কৰিছোঁ। সৈন্য-সামন্ত যি লাগে যথাসময়ত বাছি লোৱা যাব। কিন্তু, পালি-সেনাপতি কেইজনৰ নিৰ্ব্বাচন এতিয়াই হোৱা উচিত। মোৰ বাছনি মতে, সদ্যহতে নচৰৎখাঁ, ৰঘুনাথসিংহ, বইৰামদেও, কিৰাতসিংহ, বৰ্ত্তিয়া এই কেইজন মোৰ লগত যোৱাটো স্থিৰ হলেই ভাল।
আওৰেংজেব।—সেয়ে স্থিৰ। যোৱাহঁক, তুৰন্তে যুদ্ধ-যাত্ৰাৰ নিমিত্তে নিজ নিজ আয়োজনত ধৰাঁগৈ।
(সকলোৰে প্ৰস্থান)
⸻⸻
দ্বিতীয় গৰ্ভাঙ্ক।
⸻⸻
দিল্লী—অন্দৰমহল।
( আমিনা আৰু ৰমণী গাভৰু)
ৰমণী।— আমিনা! তুমি এদিন বাইজীৰ নাচোন এটা নাচি দেখুৱাবাঁ বুলিছিলা নহয়?—পাহৰিলা?
আমিনা—পাহৰিছোঁ সঁচা। আপুনি কিন্তু নাপাহৰে। ভাল, বাৰু, এতিয়াই দেখুৱাওঁ। (গীত গাই নাচে)
গীত।
ৰাগিনী দেশ⸺সুৰ কাৰ্ফা।
মউ পিওঁ পিওঁ কৰে পাণ ভৰি।
প্ৰেম সুধা সৰে জৰি জৰি॥
কিনো চাবাঁ শোভা, জ্বলে পুণ্য প্ৰভা,
বয় শান্তি নই ৰূপে ৰস চৰি।
যাওঁ উটি বুৰি চাওঁ উৰি ঘূৰি,
গাথোঁ তৰা-ফুল, নাচোঁ চালি ধৰি॥