পৃষ্ঠা:লাচিত বৰফুকন.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮০
লাচিত বৰফুকন।

 কটকী।—তাতকৈও অসম্ভৱো সম্ভৱ হৈছে, জাহাপনা! অসমৰাজে আমাৰ হাতৰপৰা বাঁহবাৰী, কাঁজলী আৰু পাণ্ডু দুৰ্গ কাঢ়ি লৈ, গুৱাহাটী অধিকাৰ কৰি বহিছে।

 আওৰেংজেব।—অতি আচৰিত! কিয়, তাত আমাৰ কোনো মোগল সেনাপতি দুৰ্গ ৰক্ষা কৰোঁতা নাছিল নে?

 কটকী।—আছিল, জাহাপনা! চৈয়দ চানা আৰু চৈয়দ ফিৰুজ তিনিখন ৰণত ঘাটি, অৱশেষত অসমীয়াৰ হাতত বন্দী হয়; আৰু সিবিলাক দুয়োকে গড়গাওঁ নগৰলৈ নিয়াই অসমৰাজে বধ কৰালে!

 আওৰেংজেব।—সঁচা নে? অতি অসহনীয় কথা! দিল্লীৰ গৌৰৱ এইদৰে হানি হব লাগিলে আমি সম্ৰাট নাম গ্ৰহণ কৰাই বৃথা। আৰ্য্য়াৱৰ্ত্ত আৰু দক্ষিণাত্য গোটেই হিন্দুস্থান আজি যি দিল্লীৰ পদানত, নগণ্য অসম আজি তাৰ বিৰুদ্ধে উঠে! যি মোগলৰ বিজয় গৌৰৱ অক্ষুন্ন ভাৱে গোটেই ভাৰতত ৰাষ্ট্ৰ, সেই মোগল ক্ষমতা আজি সামান্য আহোম ৰাজৰ দ্বাৰা পৰাভূত! অসহন, অতি অসহন! তুৰন্তে ইয়াৰ প্ৰতিকাৰ হব লাগে।

 ৰামসিংহ।—সঁচা সমুচিত প্ৰতিকাৰ হোৱা উচিত। সিফালে সম্ভৱতঃ আমাৰ ৰণবল যথেষ্ট নাছিল, নহলে নগণ্য অসমীয়া সেনাৰ হাতত মোগল পৰাজিত হোৱা নিশ্চয় অসম্ভৱ। তাতে আমাৰ ৰণবল ততোধিক ক্ষীণ হোৱাৰ সম্ভৱ; কাৰণ ৰণত আমাৰ সৈন্য় ক্ষয় হোৱাৰ উপৰিও শত্ৰুৰ হাতত বিস্তৰ বন্দী হৈছে। অতএব, মোৰ বোধৰে, অনতিপলমে বিপুল সৈন্যবলৰে সৈতে অসমৰ বিৰুদ্ধে যুদ্ধযাত্ৰা হোৱা বিধেয়।

 আওৰেংজেব।—নিশ্চয়! অতি উত্তম প্ৰস্তাব। এই প্ৰস্তাব তুৰন্তে কাৰ্য্য়ত পৰিণত হব লাগে। বিলম্ব সহ্য় নহয়।

 উজিৰ।—নিশ্চয়। বিলম্ব কৰাৰপৰা কাৰ্য্যত বিঘ্ন ঘটিবলৈ হে আছে। আৰু এই যাত্ৰাৰ আয়োজন বিশেষ হব লাগিব। অসমৰ আহোম ৰাজশক্তিক নগণ্য ভাবি উপেক্ষা কৰিব নালাগে। কাৰণ, আহোম ৰাজৰ ৰণবল তাকৰীয়া